Home » মিছন BTR – ২০২৫, এঘৰি যুঁজিবলৈ সাজু বিজেপি

মিছন BTR – ২০২৫, এঘৰি যুঁজিবলৈ সাজু বিজেপি

by admin

সন্মুখত বিটিআৰ ৰ নিৰ্বাচন, ৰণলৈ সাজু বিজেপি

ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ পিছত এইবাৰ ৰাজ্যিক বিজেপিৰ একমাত্ৰ লক্ষ্য হৈছে বিটিআৰ ৰ আগন্তুক পৰিষদীয় নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনৰ দৰেই যুদ্ধংদেহী ৰূপত সাজু হৈছে বিজেপি দল।

এই সন্দৰ্ভত শুক্ৰ বাৰে কৰ্ণধাৰ সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়।ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এই বিশেষ সভাখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই বিটিআৰ নিৰ্বাচনৰ প্ৰতিটো দিশৰ ওপৰত আলোচনা কৰে।

সমাগত BTC নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে পূৰ্ণ শক্তিৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ অংগীকাৰ গ্ৰহণ কৰে এই সভাত।এই সন্দৰ্ভত অনাগত সময়ত ২৫ জনীয়া কৰ্ণধাৰ সমিতিয়ে নিৰ্বাচনৰ প্ৰস্তুতি, পৰিকল্পনা, ৰণনীতি সন্দৰ্ভত বিস্তৃতভাৱে ৰাজনৈতিক তথা সাংগঠনিক দিশবোৰ তদাৰক কৰিব।

বিটিআৰ ৰ এই যুঁজ অকলশৰীয়া কৈ হ’ব নে মিত্ৰজোঁটৰ সৈতে হ’ব সেই বিষয়ৰ ছবিখন এতিয়াও পৰিস্কাৰ কৰি তোলা নাই ৰাজ্যিক বিজেপিয়ে।তথাপিও বিটিআৰ অঞ্চলৰ তৃণমূল পৰ্য্যায়ত খোপনি পুতিবলৈ এইয়াই যে উপযুক্ত সময় সেই কথা অনুধাৱন কৰিছে ৰাজ্যিক বিজেপিয়ে।

Related Articles

Leave a Comment