Home » চকুলোৰে ২৫ বছৰীয়া ছাত্ৰ ৰাজনীতিৰ পৰা বিদায় মাগিলে দ্বিপেন বড়োই

চকুলোৰে ২৫ বছৰীয়া ছাত্ৰ ৰাজনীতিৰ পৰা বিদায় মাগিলে দ্বিপেন বড়োই

by admin

আগন্তুক বিধানসভা নিৰ্বাচনত ওদালগুৰি সমষ্টিৰ পৰা কৰিব প্ৰতিদ্বন্দ্বিতা

২৫ বছৰীয়া ছাত্ৰ ৰাজনীতিৰ পৰা অশ্ৰুসিক্ত নয়নেৰে অৱশেষত বিদায় ললে সভাপতি দ্বিপেন বড়োই । শুকুৰবাৰে ওদালগুৰি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত নিখিল বড়ো ছাত্ৰ সন্থা (ABSU)ৰ কেন্দ্ৰীয় কাৰ্য্যকৰী কমিটিৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। কাৰ্য্যসূচী অনুসৰি ৰাতিপুৱা পতাকা উত্তোলন, বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ আৰু শ্বহীদ তৰ্পণ অনুষ্ঠান অনুষ্ঠিত কৰাৰ পিছতে আৰম্ভ হয় কেন্দ্ৰীয় কাৰ্য্যকৰী কমিটিৰ সভা। সভাত এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োই আনুষ্ঠানিকভাৱে সংগঠনটোৰ পৰা অৱসৰ গ্ৰহণ কৰে।

অন্তিমবাৰলৈ এবছুৰ পতাকা উত্তোলন কৰি কিছুক্ষণৰ বাবে আবেগিক হৈ পৰা নেতা জনে অশ্ৰুসিক্ত নয়নেৰে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে, এবছুৰ সৈতে দীৰ্ঘদিনীয়া যাত্ৰাত সংগঠনটোৰ সদস্য, কৰ্মী আৰু সমাজৰ পৰা লাভ কৰা সমৰ্থনৰ বাবে তেওঁ কৃতজ্ঞ। লগতে পৰৱৰ্তী সময়তো সমাজ আৰু জনতাৰ কল্যাণৰ বাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে নেতা জনে।

ইয়াৰ পিছতে অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্য্যকৰী কমিটিৰ বৈঠকত খৌৰৌমদাও ওৱাৰীক আগন্তক এটা বছৰৰ বাবে এবছুৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়। নতুন দায়িত্ব লাভ কৰি ওৱাৰীয়ে সংগঠনটোৰ আদৰ্শ আৰু লক্ষ্য আগুৱাই নিয়াৰ সংকল্প ব্যক্ত কৰে।

উল্লেখযোগ্য যে, ২০০১ চনৰ পৰা এবছুৰ সৈতে প্ৰত্যক্ষ ভাৱে জড়িত আছিল দ্বীপেন বড়ো। তেওঁ সংগঠনটোৰ শিক্ষা সম্পাদক, ওদালগুৰি জিলা সভাপতি, কেন্দ্ৰীয় উপ-সভাপতি আদি বিভিন্ন দায়িত্ব পালন কৰাৰ পিছতে ২০২০ চনৰ পৰা সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল। দ্বীপেন বড়োই এবছুৰ দায়িত্ব পালনৰ বাবে চৰকাৰী স্নাতকোত্তৰ শিক্ষকৰ চাকৰি ত্যাগ কৰিছিল। তেওঁ কবিৰালী আৰু ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ইংৰাজী বিষয়ৰ শিক্ষক হিচাপে প্ৰায় ১০ বছৰ শিক্ষকতা কৰিছিল আৰু শিক্ষক হিচাপেও সফলতা লাভ কৰিছিল। বহু ছাত্ৰ-ছাত্ৰীয়ে তেওঁৰ পৰা শিক্ষা গ্ৰহণ কৰি ইংৰাজী বিষয়ত উল্লেখযোগ্য ফলাফল লাভ কৰিছিল।

শুকুৰবাৰে অনুষ্ঠিত বিদায় অনুষ্ঠানৰ পিছতে ওদালগুৰি মহাবিদ্যালয়ৰ পৰা ওদালগুৰি চহৰৰ মাজেৰে এবছুৰ কৰ্মী-সমৰ্থকে এক বিশাল সমদল উলিয়ায়। এই সমদলত এবছুৰ শীৰ্ষ নেতা-কৰ্মীৰ লগতে বড়ো জাতীয় সংগঠনৰ বহু কেইগৰাকী নেতা আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত দ্বীপেন বড়োই অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য হাগ্ৰামা মহিলাৰী আৰু ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োক নিজৰ ৰাজনৈতিক গুৰু বুলি উল্লেখ কৰে। লগতে বড়ো জাতীয় সংগ্ৰামত সহায় আগবঢ়োৱা সকলো সহযোদ্ধাক তেওঁ ধন্যবাদ জ্ঞাপন কৰে। ইফালে, ৰাজনৈতিক ক্ষেত্ৰত নতুন অধ্যায় আৰম্ভ কৰি দ্বীপেন বড়োই আগন্তক দিনত UPPL দলত যোগদান কৰাৰ কথা ঘোষণা কৰাৰ লগতে BPF আৰু UPPLক পুনৰ একত্ৰিত কৰাৰ বাবে চেষ্টা চলাব বুলিও মন্তব্য কৰে। ইয়াৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনত ৪৬ নং ওদালগুৰি সমষ্টিৰ পৰাই UPPL দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি ঘোষণা কৰে দ্বিপেন বড়োই। ওদালগুৰিত অনুষ্ঠিত এই বিশেষ সভা আৰু বিদায় অনুষ্ঠানত অত্যন্ত আবেগিক পৰিবেশৰ সৃষ্টি হয় । শুকুৰবাৰে দ্বিপেন বড়োৰ অৱসৰৰ পিছতেই এবছুৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ অন্ত পৰে।

Related Articles

Leave a Comment