বিগত ৭ টা বছৰে ওদালগুৰি চহৰৰ পৰা সংবাদ প্ৰচাৰ কৰি অহা ওদালগুৰি লাইভৰ প্ৰচাৰ অধিক ব্যাপক কৰাৰ উদ্দেশ্যে সংবাদ প্ৰতিষ্ঠানটোৰ অফিচেল নিউজ ৱেবছাইট udalgurilive.com স্বাধীনতা দিৱসৰ দিনটোতে ওদালগুৰি নগৰৰ এডামছ হ’লত অনুষ্ঠিত এক গাম্ভিয্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। বিটিআৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ কাৰ্য্যবাহী সদস্য ড° নিলোৎ স্বৰ্গিয়াৰীয়ে বন্তি প্ৰজ্বলেনেৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে। অসমৰ বিশিষ্ট সাংবাদিক ৰঞ্জন লাল শৰ্মাই এই ৱেবছাইটটো উন্মোচন কৰে। ইয়াৰ পিছতে প্ৰদান কৰা ভাষণত জ্যেষ্ঠ সাংবাদিক ৰঞ্জনলাল শৰ্মাইওদালগুৰি লাইভে ওদালগুৰিৰ লগতে সমগ্ৰ বিশ্বৰ সংবাদ প্ৰচাৰ কৰি জনসাধাৰণৰ আস্থা বুতলিব সক্ষম হ’ব বুলি উল্লেখ কৰাৰ লগতে সংবাদক্ষেত্ৰ খনৰ বিভিন্ন প্ৰত্যাহ্বান আৰু কৰণীয় সন্দৰ্ভত ভাষণ আগবঢ়ায়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিটিআৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ কাৰ্য্যবাহী সদস্য ড° নিলোৎ স্বৰ্গিয়াৰীয়ে ওদালগুৰি লাইভে ওদালগুৰিত ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছে বুলি উল্লেখ কৰি বৰ্তমান সময়ত সংবাদ মাধ্যমৰ ভূমিকা সন্দৰ্ভত ভাষণ আগবঢ়ায়। তেও বিটিআৰৰ চৰকাৰৰ তৰফৰ পৰা সাংবাদিকৰ কল্যান তথা প্ৰেছ ক্লাৱ সমূহৰ উন্নয়নৰ বাবে বিভিন্ন আচনি গ্ৰহণ কৰা বুলি উল্লেখ কৰাৰ লগতে ওদালগুৰি প্ৰেছ ক্লাৱক বিটিআৰ চৰকাৰৰ তৰফৰ পৰা ১০ লাখ টকা প্ৰদান কৰাৰ ঘোষণা কৰে। এই অনুষ্ঠানত বিশিষ্ট অথিতি হিচাপে অংশ গ্ৰহণ কৰি বিশিষ্ট ব্যৱসায়ী তথা সমাজসেৱক মিনন মোছাহাৰী , সমাজসেৱক ডালিম বায়ন আৰু ওদালগুৰি প্ৰেছ ক্লাৱৰ সম্পাদক গুৎজিত দাসেও সংবাদ মাধ্যমৰ বিভিন্ন দিশৰ ওপৰত ভাষণ আগবঢ়ায়। সাংবাদিক ধনদ্বীপ বৰাই আঁত ধৰা এই অনুষ্ঠানত ওদালগুৰি জিলাৰ বহু জাতীয় দল -সংগঠনৰ নেতৃত্ব , ৰাজনৈতিক দলৰ নেতৃত্বৰ লগতে জ্যেষ্ঠ সাংবাদিক , বিশিষ্ট নাগৰিক সকল উপস্থিত থাকে।
