Home » ওদালগুৰিত নিৰ্মাণ হ’ল ১০ কোটি টকাৰে এখন আটকধুনীয়া ষ্টেডিয়াম

ওদালগুৰিত নিৰ্মাণ হ’ল ১০ কোটি টকাৰে এখন আটকধুনীয়া ষ্টেডিয়াম

by admin

এখন আটকধুনীয়া ষ্টেডিয়াম সকলোৰে বাবে বৰ প্ৰয়োজন। নতুন প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি উৎসাহিত কৰিবলৈ ষ্টেডিয়ামৰ কিমান প্ৰয়োজন সেইয়া বহলাই নকলেও সকলোৱে বুজিব।এনে এক বহুদিনীয়া আশা আৰু প্ৰয়োজন আছিল ওদালগুৰিৰ ৰাইজৰ।

অৱশেষত ৰাইজৰ সেই আশা পূৰণৰ দিশে। ওদালগুৰিৰ ৰাইজে লাভ কৰিলে এখন আটকধুনীয়া ষ্টেডিয়াম।

ৰাজ্য চৰকাৰে বিধায়ক সকলক প্ৰদান চিগনেছাৰ প্ৰজেক্টৰ পুঁজিৰে ৰাইজলৈ এই উপহাৰ আগবঢ়ালে বিধায়ক চৰণ বড়োই। উল্লেখ্যযোগ্য যে, অসম চৰকাৰে বিধায়ক সকলক প্ৰদান কৰা Signature প্ৰজেক্টৰ পৰা লাভ কৰা ১০ কোটি টকা ব্যয় সাপেক্ষে এই ষ্টেডিয়ামখন নিৰ্মাণ কৰা হয়। ওদালগুৰিৰ পুৰণি গৰৈবাৰীত নিৰ্মাণ কৰা হয় এই ষ্টেডিয়ামখন।এই আটকধুনীয়া ষ্টেডিয়াম খন উদ্ধোধন কৰে বিধায়ক চৰণ বড়োই।

উদ্ধোধনী অনুষ্ঠানৰ পাছত নতুন খেলপথাৰখনত মাজবাট আঞ্চলিক ক্ৰীড়া সংস্থা বনাম নলবাৰীৰ মাজত অনুষ্ঠিত হল প্ৰীতি ফুটবল মেচ ।

লগতে অনুষ্ঠিত হ’ল জনপ্ৰিয় অভিনেত্ৰী হেলীনা দৈমাৰী আৰু কন্ঠশিল্পী ফুকন বড়োৰ বিশেষ অনুষ্ঠান।

ষ্টেডিয়ামখনৰ উদ্বোধনী অনুষ্ঠানত ধনশ্ৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ ফ্ৰেচ মোচাহাৰী, প্ৰাক্তন মন্ত্ৰী ৰিহণ দৈমাৰী, সমাজকৰ্মী মিনন মচাহাৰীৰ লগতে উপস্থিত থাকিল বহুসংখ্যক জেষ্ঠ লোক।

Sport’s Desk report , Udalguri LIVE

Related Articles

Leave a Comment