Home » মাজবাট বিধানসভা সমষ্টিত উন্নয়নৰ ৰেলী মন্ত্ৰী চৰণ বড়োৰ

মাজবাট বিধানসভা সমষ্টিত উন্নয়নৰ ৰেলী মন্ত্ৰী চৰণ বড়োৰ

by admin

সমাগত বিধানসভা নিৰ্বাচন। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিৰ ৰাইজৰ মাজলৈ যোৱাৰ অপ্ৰাণ চেষ্টা এতিয়া জন প্ৰতিনিধিৰ। ওদালগুৰি জিলাতো ৪৭ নং মাজবাট বিধানসভা সমষ্টিত খুবেই ব্যস্ত সমষ্টিটোৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী চৰণ বড়ো।

উন্নয়নৰ জয়গানেৰে ৰাইজৰ কাষত থিয় দিয়াৰ যত্ন কৰিছে মন্ত্ৰী চৰণ বড়োৰ। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ধনেৰে সমষ্টিৰ চাৰিওফালে এতিয়া বিভিন্ন আচঁনিৰ আধাৰশিলা স্থাপন আৰু বহু আঁচনি উদ্বোধনৰ ৰেলী চলিছে মাজবাট বিধানসভা সমষ্টিত। বিগত এসপ্তাহত সমষ্টিটোত ১০০ অধিক আধাৰশিলা স্থাপন কৰাৰ লগতে বহু সম্পূৰ্ণ হোৱা প্ৰকল্পৰ উদ্বোধন কৰিছে মন্ত্ৰী চৰণ বড়োই।

মঙলবাৰেও অসম দৰ্শন আঁচনিৰ অধীনত সমষ্টিটোৰ বৰঝাৰ ভিচিডিচি ৰ অন্তৰ্ভুক্ত বহু স্থানত কেইবাটাও মন্দিৰ, মছজিদ আৰু নামঘৰৰ বাৱাণ্ডাৰী ৱাল আৰু নতুন গৃহৰ কামৰ আৰম্ভণি কৰা হয়।

Related Articles

Leave a Comment