ওদালগুৰি আৰক্ষীৰ বিশেষ সফলতা।ওদালগুৰি আৰক্ষী থানাই চলিত বৰ্ষত প্ৰায় ৬৫ টা হেৰুৱা আৰু চুৰি হোৱা মোবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

ওদালগুৰি আৰক্ষীয়ে চলিত বৰ্ষত দিল্লী , উত্তৰ প্ৰদেশ, অৰুণাচল প্ৰদেশ আদি ভিন্ন প্ৰান্তৰ পৰা এই মোবাইল ফোন সমূহ উদ্ধাৰ কৰিব সক্ষম হয়। বৃহস্পতিবাৰে ওদালগুৰি আৰক্ষীয়ে ওদালগুৰি আৰক্ষী থানাত আয়োজন কৰা এক বিশেষ অনুষ্ঠানত ৩০ গৰাকী লোকক তেঁওলোকৰ হেৰুৱা আৰু চুৰি হোৱা মোবাইল ফোন সমূহ উভতাই দিয়ে। অনুষ্ঠানত উপস্থিত থাকি ওদালগুৰি জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পুস্কিন জৈনে ওদালগুৰি থানাৰ আৰক্ষী সকলক এই সফলতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেঁও লগতে সভাত বৰ্তমান চাইবাৰ অপৰাধ ৰোধৰ বাবে গ্ৰহণ কৰিবলগীয়া পদক্ষেপ সমূহৰ বিষয়েও অৱগত কৰে।বাইট ১- এছ পি সভাত ওদালগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ্জল গগৈয়ে চলিত বৰ্ষত উদ্ধাৰ হোৱা ৩৫ টা মোবাইল কিছুদিন পূৰ্বে গৰাকীক উভতাই দিয়াৰ লগতে পুনৰ ৩০ গৰাকী লোকক মোবাইল সমূহ উভতাই দিয়া হৈছে বুলি জানিব দিয়ে। কোনো লোকৰ মোবাইল হেৰালে আৰক্ষীক খবৰ দিবলৈও অনুৰোধ কৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে। বাইট ২- অ চি এই অনুষ্ঠানত ওদালগুৰিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অনিতা কোৱৰ , উপ-আৰক্ষী অধীক্ষক ফুলকন নাৰ্জাৰীৰ লগতে আৰক্ষী বিষয়া সকল উপস্থিত থাকে।
