Home » মাজবাটৰ কিশোৰী ধৰ্ষণ কাণ্ড- কি শাস্তি হ’ল ধৰ্ষণকাৰীৰ?

মাজবাটৰ কিশোৰী ধৰ্ষণ কাণ্ড- কি শাস্তি হ’ল ধৰ্ষণকাৰীৰ?

by admin

ৰাজ্য কপাঁই যোৱা মাজবাটৰ জঘন্য দলবদ্ধ ধৰ্ষণ কাণ্ডৰ দোষীক শাস্তি প্ৰদান| ঘটনাৰে জড়িত ৫ ধৰ্ষণকাৰীক ওদালগুৰিৰ বিশেষ সত্র ন্যায়ধীশ এন এছ দেউৰীৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে |

ধর্ষণকাৰী অভিজুল আলী, ছাদ্দাম হুছেইন, মুস্তাক আহমেদ, এহছান আহমেদ, মহিদুল ইছলামক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে প্রত্যেক আচামীকে ২০ হাজাৰ টকাকৈ জৰিমনা বিহে আদালতে |

২০২৪ চনৰ ২২ জুনত ওদালগুৰি জিলাৰ মাজবাটত সংঘটিত হৈছিল এই ভয়ংকৰ দলবদ্ধ ধৰ্ষণৰ ঘটনা | টিউচনৰ পৰা ওভতাৰ পথত এগৰাকী নাবালিকা কিশোৰীক মাজবাট চাহ বাগিচাত বাট আগচি ধৰি ধৰ্ষণ কৰিছিল ৫ পাষণ্ডই| এই ঘটনা পোহৰলৈ অহাৰ পিছতেই সমগ্র ৰাজ্যতেই সৃষ্টি হৈছিল তীব্ৰ প্রতিক্রিয়াৰ | দোষীক কঠোৰ শাস্তিৰ দাবীত প্ৰতিবাদত উত্তাল হৈছিল সমগ্র ওদালগুৰি জিলা | উত্তেজিত জনতাই জ্বলাই দিছিল ধৰ্ষণকাৰী অভিজুল আলীৰ বাসগৃহ |

Related Articles

Leave a Comment