Home » দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব কোন?

দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব কোন?

by admin

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে তেওঁৰ উত্তৰাধিকাৰী পদৰ বাবে ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নাম পৰামৰ্শ হিচাপে আগবঢ়াইছে।

১০ নৱেম্বৰত ন্যায়াধীশ চন্দ্ৰচূড়ৰ কাৰ্যকাল শেষ হ’ব, গতিকে তেওঁৰ পিছত ন্যায়াধীশ সঞ্জীৱ খান্না হ’ব দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ।ন্যায়াধীশ খান্নাৰ কাৰ্যকাল ২০২৫ চনৰ ১৩ মে’লৈকে আছে।

১২ অক্টোবৰত কেন্দ্ৰীয় চৰকাৰে ন্যায়াধীশ চন্দ্ৰচূড়লৈলৈ এখন পত্ৰ লিখি উত্তৰাধিকাৰীৰ নাম ঘোষণা কৰিবলৈ অনুৰোধ জনাইছিল। ২০২২ চনৰ ৯ নৱেম্বৰত ন্যায়াধীশ চন্দ্ৰচুদে মুখ্য ন্যায়াধীশৰ দায়িত্ব গ্ৰহণ কৰিছিল।আইন মন্ত্ৰালয়ে মুখ্য ন্যায়াধীশগৰাকীৰ কাৰ্যকাল শেষ হোৱাৰ এমাহ পূৰ্বে এখন পত্ৰ লিখি তেওঁৰ উত্তৰাধিকাৰী ঘোষণা কৰিবলৈ কয়। ইয়াৰ পিছত মুখ্য ন্যায়াধীশে আইন মন্ত্ৰালয়ত তেওঁৰ উত্তৰাধিকাৰীৰ নাম এখন পত্ৰৰ জৰিয়তে অৱগত কৰে।

Oplus_131072

উল্লেখযোগ্য যে ন্যায়াধীশ খান্নাই ১৯৮৩ চনত দিল্লী বাৰ কাউন্সিলত যোগদান কৰাৰ পিছত তেওঁৰ যাত্ৰা আৰম্ভ কৰিছিল আৰু তেতিয়াৰ পৰাই তেওঁ সাংবিধানিক, বাণিজ্যিক আৰু অপৰাধমূলক আইনকে ধৰি আইনৰ বিভিন্ন ক্ষেত্ৰত নিজৰ নাম উজলাই তুলিছে।

Related Articles

Leave a Comment