Home » অসম আৰক্ষীৰ SI পৰীক্ষাত ফেইল কৰা ল’ৰাজন আজি লেফটেনেন্ট

অসম আৰক্ষীৰ SI পৰীক্ষাত ফেইল কৰা ল’ৰাজন আজি লেফটেনেন্ট

by admin

“মানিলে ধান, নামানিলে পতান”যদিহে আপুনি আপোনাৰ অন্তৰৰ সক্ষমতাক অনুভৱ কৰি নিজৰ দক্ষতাক মানি লৈছে, তেন্তে সময়ে আপোনাকো সফল হোৱাৰ সুযোগ প্ৰদান কৰিব।

আজি আপোনালোকলৈ আগবঢ়াইছো, এইখন অসমৰে চহা গাঁৱৰ মাটিত ডাঙৰ- দীঘল হোৱা এজন যুৱকৰ সফলতাৰ ইতিবাচক বাৰ্তা।দৰং- ওদালগুৰি সীমান্তৱৰ্তী সাৰেং গাঁৱৰ এই বিশেষ যুৱক জনৰ নাম ৰাজৰ্ষি বৰুৱা। বি-টেকৰ পাঠ্যক্ৰম শেষ কৰি ল’ৰা জনে আৰম্ভ কৰিছিল UPSC ৰ প্ৰস্তুতি। এটা সময়ত পৰীক্ষাত বাৰে বাৰে বিফল হয় যুৱক জন। তাৰমাজতে ঘৰৰ কথা ৰাখি অসম আৰক্ষীৰ এছ আই পৰীক্ষাতো অৱত্তীৰ্ণ হৈছিল ল’ৰা জন। তাতো বিফল হৈছিল ৰাজৰ্ষি বৰুৱা।

বাৰে বাৰে বিফল হ’লেও পিছে মন ভাঙি দিয়া নাছিল ৰাজৰ্ষিয়ে। এবাৰ দুবাৰ নহয় UPSC ৰ CDS পৰীক্ষাত সপ্তম বাৰলৈ প্ৰস্তুতি চলাই অৱশেষত সফল হ’ল সাৰেং গাঁৱৰ যুৱকজন। প্ৰায় চাৰি – পাঁচ বছৰ কৰা কষ্ট আৰু অধ্যৱসায়ৰ ফলত এছ আই পৰীক্ষাত ফেইল কৰা ল’ৰাজন আজি লেফটেনেন্ট হিচাপে ঘূৰি আহিছে ঘৰলৈ। সেয়ে ৰজাৰ দৰেই গাঁৱৰ মাটিলৈ আদৰিলে লেফটেনেন্ট ৰাজৰ্ষি বৰুৱাক।

১২ মহীয়া বিভাগীয় ট্ৰেইনিং শেষ কৰি ঘৰলৈ অহা ৰাজৰ্ষিক ঢোলে-ডগৰে আদৰিলে গাঁৱৰ ৰাইজে। পিতৃ ইন্দ্ৰ বৰুৱা আৰু মাতৃ শান্তি বৰুৱাৰ একমাত্ৰ সন্তান ৰাজৰ্ষি বৰুৱাকলৈ এতিয়া গৌৰৱান্বিত গাওঁ খনৰ প্ৰতিজন ব্যক্তি। সকলোৱে ঘৰৰ পৰা ওলাই আহি গামোচা জাপিৰে আদৰণি জনালে লেফটেনেন্ট ৰাজৰ্ষি বৰুৱাক।

Related Articles

Leave a Comment