✍️ সৌৰভ ঠাকুৰীয়া
মায়াময় পৃথিৱীখনক অনন্য ৰূপত সজাই আহিছে প্ৰকৃতিয়ে। সাজোনে কাচোনে প্ৰতি পলে প্ৰকৃতিয়ে মানুহক দি আহিছে অপৰূপ মাদকতা। চিৰসেউজ অসমী আইক সজাই পৰাই তোলাত তিলমানো যেন কৃপণালি কৰা নাই প্ৰকৃতি ৰাণীয়ে। আজি তেনে এক ৰূপৰ খবৰ দিব ওলাইছো। স্থান হৈছে গোৱালপাৰা জিলাৰ চিনাকি নাম উৰপদ বিল।

গোৱালপাৰা জিলাৰ আগিয়াত অৱস্থিত ঐতিহাসিক উৰপদ বিল সম্প্ৰতি আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে৷ বিলটোৰ আকৰ্ষণে দূৰ দূৰণিৰ পৰ্যটকক এতিয়া হাত বাউলি মাতে গোৱালপাৰাৰ আগিয়ালৈ। পদুম,ভেট ফুলৰ সমাহাৰেৰে গোলাপী স্বৰ্গলৈ পৰিণত হোৱা গোৱালপাৰাৰ ঐতিহাসিক উৰপদ বিলে পৰ্যটন ক্ষেত্ৰত এক নতুন নাম বুটলিবলৈ সক্ষম হৈছে ৷

বন্ধৰ দিন অথবা পুৱা গধূলি প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিবলৈ প্ৰতিদিনে এতিয়া ইয়ালৈ আগমন হয় সহস্ৰাধিক লোকৰ৷গোলাপী স্বৰ্গত কিছুসময় অতিবাহিত কৰি সকলোয়ে লাভ কৰে অনাবিল আনন্দ। বাৰিষা আহিলেই বগা-গোলপীয়া পদুম ফুল লগতে গোলপীয়া ভেটফুলে এক নতুন আৱৰণ দিয়ে এই উৰপদ বিলক। যেন পদুমৰ পাহিত প্ৰকৃতি ৰাণীয়ে হাঁহে, গীত গাই, নাচে। ভেট ফুলৰ গোলাপীয়া আচ্ছাদনত যেন সেই সুখ দুগুণে চৰে।

বিলখনত পুৱাৰ ৰাঙলী বেলি আৰু আবেলিৰ হেঙুলীয়া বেলিৰ আভাই গোলাপী আচ্ছাদনৰ লগত ৰঙৰ ধেমালি কৰে। এনে মধূৰ স্থানৰ মাদকতা চাবলৈ কাৰ মন নাযাব বাৰু? সেয়ে দিনে দিনে গোৱালপাৰাৰ আগিয়াৰ নাম বৰকৈ উৰি ফুৰিছে চচিয়েল মিডিয়াৰ জগতত।

গোৱালপাৰা চহৰৰ পৰা প্ৰায় দহ কিলোমিটাৰ মান আঁতৰত আগিয়াৰ চামগুৰিত অৱস্থিত উপৰবিলটোয়ে প্ৰায় দহ বিঘা মাটি আৱৰি আছে ৷ এই দহ বিঘা মাটিত যেতিয়া একেলগে পদুম – ভেট ফুল ফুলিব, তেতিয়া আপুনি কল্পনা কৰক ইয়াৰ ৰূপ কেনে হ’ব পাৰে? এনে ঠাইলৈ আপোনাৰো আহিবলৈ মন নাযাবনে? তাৰ মাজে মাজে আপুনি আপোনাৰ আপোনজনৰ লগত কৰিব পাৰিব নৌকা বিহাৰ। বিলৰ মাজত বনাই থোৱা টঙী ঘৰৰ পৰা ল’ব পাৰিব গোলাপী চাদৰৰ মাদকতা। দেখিব ৰাঙলী বেলি কিম্বা হেঙুলীয়া বেলিৰ কমলা ৰঙৰ আকাশ। সেই আকাশৰ পিছতেই যেন লাগি আছে শাৰী শাৰী সেউজীয়া পাহাৰ।সেয়ে দিনে দিনে উৰপদ বিলৰ কথা যিমানে প্ৰচাৰ হৈছে, সিমানে এই স্থানলৈ বাঢ়িছে পৰ্যটকৰ সংখ্যা।

অসমৰ পৰ্যটন মানচিত্ৰৰ বুকুত নিজৰ নাম অন্তৰ্ভূক্ত কৰি উৰপদ বিলে দিছে এক নতুন সম্ভাৱনা। পিছে কথাবোৰ এদিনতে আৰম্ভ হোৱা নাছিল। দিনে দিনে বেদখল হ’বলৈ ধৰা এই উৰপদ বিলক লৈ প্ৰথমতে চিন্তিত হৈছিল ইয়াৰ স্থানীয় ৰাইজ। ধনবল – বাহুবলৰ জোৰত ইতিমধ্যে এই উৰপদ বিলৰ মাটি বহু দখল হ’ল। তাৰপিছতেই এই বিলখনক বচাই ৰখাৰ অংগীকাৰ লৈ স্থানীয় ৰাইজেই পোনতে ইয়াৰ সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল। উৰপদ বিল পৰিচালনা সমিতি গঠন কৰি পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ বিলৰ চৌপাশে সজাই পৰাই তোলাৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ পিছতহে চৰকাৰী পক্ষৰ চকুত পৰিছিল এই সম্ভাৱনালৈ।পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা বিলখনক পৰ্যটন স্থলীলৈ পৰ্যৱসিত কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ এতিয়া বিশেষ গুৰুত্ব প্ৰদান কৰা দেখা গৈছে ৷গোৱালপাৰাৰ ঐতিহাসিক উৰপদ বিলৰ ঐতিহ্য সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত চৰকাৰে বিলখনক বনাঞ্চল ৰূপে ঘোষণা কৰাৰ এক কেবিনেট সিদ্ধান্তও গ্ৰহন কৰিছে। ৰাভা হাচং স্বায়িত্ব শাসিত কাউন্সিলৰ তৰফৰ পৰাও বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। পুৱা – গধূলি এতিয়া বিলত বন বিভাগৰ চলে পেট্ৰলিং।কেৱল ভেট-পদুমেই হয় বছৰৰ ঋতু অনুসৰি উৰপদ বিললৈ আগমন ঘটে বিভিন্ন দেশী-বিদেশী পৰিভ্ৰমী চৰাইৰ ৷

বিলখনত এতিয়াও পুঠি,দৰিকনা,শ’ল,মাগুৰ,কাৱৈ আদিকে ধৰি বিভন্ন থলুৱা মাছ উভৈনদী হৈ আছে ৷গোলাপী স্বৰ্গ কেৱল যে সৌন্দৰ্যৰে ভৰপুৰ তেনে নহয়, ঐতিহাসিক এই বিল খন বহুতৰে জীৱন আৰু জীবিকাৰো আধাৰ৷ উপদ বিলৰ কাষৰীয়া অঞ্চলৰ লোকে বিলখনতে মৎস্য চিকাৰ কৰি পৰিয়াল পোহপাল দি আহিছে৷ গোৱালপাৰা জিলাৰ তিনিটা উল্লেখযোগ্য আৰু বৃহৎ বিল হৈছে বালিজানা উন্নয়ন খণ্ডৰ অন্তৰ্গত উৰপদ বিল, কুমৰী বিল আৰু হাছিলা বিল। ইয়াৰে দুটা বিলৰ অবৈধ দখলত ইতিমধ্যে চৰকাৰে বুলডুজাৰ চলাইছে। উৰপদ বিলৰো বহু স্থানত আছে অবৈধ দখল। যিসমূহ বেদখল মুক্ত কৰিবলৈ চৰকাৰলৈ বাৰম্বাৰ গোহাৰি জনাইছে সচেতন ৰাইজে।সচাকৈ উৰপদ বিলৰ এই মনোৰম পৰিৱেশে দিয়ে অন্য এক মানসিক প্ৰশান্তি ৷ গুৱাহাটীৰ কংক্ৰীটৰ মায়াজালৰ পৰা আঁতৰি প্ৰকৃতিৰ সুবাস লোৱা এটা দলৰ মন্তব্য- পাহাৰ , নৈ , বিল এইবোৰক এৰি আমি জীৱনৰ বাটত খোজ দিব পাৰিম ঠিকে, কিন্তু সেই বাটত বেছি দিন জীয়াই থাকিব নোৱাৰিম। নিৰ্মল বতাহ, সুন্দৰী প্ৰকৃতিৰ ৰূপ চাবলৈ হ’লে এনে বিল সমূহ আমি জীয়াই ৰাখিব লাগিব।

পৰ্যটন সম্ভাৱনাৰ নতুন নাম উৰপদ বিলক লৈ ৰাজ্যৰ বিয়াগোম পৰ্যটন বিভাগৰ হেমাহিক লৈ পিছে ইতিমধ্যেই বহু প্ৰশ্ন উত্থাপন হৈ আহিছে।ৰাইজৰ দাবী সময় থাকোতেই পৰ্যটন বিভাগে গুৰুত্ব দিয়ক উৰপদ বিলক।
