ৰাষ্ট্ৰীয় তথা আঞ্চলিক পৰ্যায়ৰ সংবাদ মাধ্যমৰ কৰ্মৰত অভিজ্ঞতাপুষ্ট সাংবাদিকৰ নেতৃত্বত ২০১৭ চনৰ ১৭ নৱেম্বৰ তাৰিখে ওদালগুৰি লাইভে জন্ম লাভ কৰে। জন্ম লগ্নৰে পৰা ওদালগুৰি জিলা খনৰ বিভিন্ন ইতিবাচক বাতৰিৰ লগতে জিলা খনৰ বিভিন্ন সমস্যাৰ বাতৰি প্ৰচাৰ কৰি ওদালগুৰি লাইভে ইতিমধ্যে জিলা খনত বহুল জনপ্ৰিয়তা লাভ কৰিব সক্ষম হৈছে। শেহতীয়াকৈ ওদালগুৰি লাইভে নিউজ ৱেবছাইট udalgurilive.com ৰাইজৰ বাবে পুনৰবাৰ মুকলি কৰিছে। এই ৱেবছাইটত ওদালগুৰি জিলাৰ লগতে ৰাষ্ট্ৰীয় – আন্তঃৰাষ্ট্ৰীয় তথা আঞ্চলিক বাতৰি সমূহ উপলব্ধ হ’ব। সমান্তৰালকৈ , শিক্ষা, সাংস্কৃতিক, সাহিত্য , ক্ৰীড়া , বিনোদন, বাণিজ্য , কৃষি ,পৰ্যটন আদি বিষয়ৰ বিভিন্ন বা-বাতৰি , লেখা আদিও ওদালগুৰি লাইভত উপলব্ধ হ’ব।