অসম চৰকাৰে ঘোষণা কৰা অসম আৰক্ষীৰ নিযুক্তি বৰ্ডৰ পৰীক্ষাৰ ফলাফলত ডিমাকুছিৰ দুজন মেধাবী যুৱক-যুৱতীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।

ডিমাকুছিৰ ১ নং সোনাজুলি গাঁওৰ লোহিত ৰাজবংশীৰ পুত্ৰ মনিন্দ্ৰ ৰাজবংশীয়ে দিন হাজিৰা কৰি জীৱিকা নিৰ্বাহ কৰি আহি থকা পৰিয়ালৰ পৰা অসম চৰকাৰৰ আৰক্ষী বিভাগৰ বাচনি পৰীক্ষাত উত্তীৰ্ণ হৈ জীৱনত এক নতুন অধ্যায় সূচনা কৰিছে। মনিন্দ্ৰই নিজৰ অধ্যৱসায়, নিৰন্তৰ পৰিশ্ৰম আৰু উৎসৰ্গাৰ ফলত এই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে।

ঠিক একেদৰে ২ নং উত্তৰ ডিমাকুছিৰ শিতেশ্বৰ নাথৰ কন্যা ৰুণুমী নাথেও অসম আৰক্ষীৰ বাচনি পৰীক্ষাত উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁৰ এই সাফল্যই ডিমাকুছিৰ নবীন প্ৰজন্মৰ বাবে এটা অনুপ্ৰেৰণাৰ উৎস হিচাপে পৰিণত হৈছে।

তেওঁলোকৰ এই সাফল্যৰ বাবে ডিমাকুছিৰ বিভিন্ন দল-সংগঠনে আন্তৰিক অভিনন্দন জনাইছে। বিশেষকৈ ওদালগুৰি জিলাৰ বিজেপি যুৱ মৰ্চাৰ সম্পাদক কুশল বড়োৱে এই দুজন মেধাৱী যুৱক-যুৱতীক শুভেচ্ছা জনাই কয় — “মনিন্দ্ৰ আৰু ৰুণুমীয়ে নিজৰ অধ্যৱসায় আৰু ধৈৰ্যৰে দেখুৱাইছে যে পৰিশ্ৰম কৰিলে সফলতা নিশ্চিত।”ডিমাকুছিৰ এই সফল যুৱক-যুৱতীয়ে অঞ্চলৰ নাম উজ্বল কৰাৰ লগতে সমাজৰ অন্যান্য শিক্ষিত নিৱনুৱা যুৱ-যুৱতীকো নতুন উদ্দীপনা যোগাইছে।