Home » শিক্ষাসেতুৰ অ-আ-ক-খ

শিক্ষাসেতুৰ অ-আ-ক-খ

by admin

অসম গ্ৰন্থমেলাত ৰেৱতীৰমণ সাপকোটাৰ পঞ্চমখন গ্ৰন্থ ‘শিক্ষাসেতুৰ অ-আ ক-খ আৰু অন্যান্য প্ৰবন্ধ’ ৰ উন্মোচন ৫ জানুৱাৰীৰ দিনটোত দুপৰীয়া ১ বজাত খানাপাৰা গুৱাহাটীৰ অসম গ্ৰন্থমেলাৰ শশী ফুকন স্মৃতি সভাগৃহত শিক্ষক লেখক ৰেৱতীৰমণ সাপকোটাৰ পঞ্চমখন গ্ৰন্থ শিক্ষাসেতুৰ অ-আ ক-খ আৰু অন্যান্য প্ৰবন্ধ উন্মোচন কৰা হয়।

অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব তথা ওদালগুৰি জিলাৰ প্ৰাক্তন জিলা উপায়ুক্ত, বিশিষ্ট সাহিত্যিক শ্ৰী থানেশ্বৰ মালাকাৰদেৱে এই গ্ৰন্থখন উন্মোচন কৰে। গ্ৰন্থ উন্মোচন কৰি বিশিষ্ট সাহিত্যিক গৰাকীয়ে ওদালগুৰি জিলাৰ জিলা উপায়ুক্ত হৈ থকা চাৰিটা বছৰৰ স্মৃতি ৰোমন্থন কৰে আৰু ওদালগুৰি জিলাক এক অনন্য জিলা বুলি অভিহিত কৰে। মালাকাৰে গ্ৰন্থাকাৰ ৰেৱতীৰমণ সাপকোটাৰ এই গ্ৰন্থখন শৈক্ষিক দিশপুষ্ট হোৱা বাবে অসম চৰকাৰৰ শিক্ষা বিভাগক এই গ্ৰন্থখন ক্ৰয় কৰি অসমৰ সকলো শিক্ষানুষ্ঠানৰ পুথিভঁৰাল সমৃদ্ধ কৰিবলৈ আহ্বান জনায়।

এই গ্ৰন্থ উন্মোচনী সভাত অসম নেপালী সাহিত্য সভাৰ কাৰ্যকৰী সভাপতি ড০ ইন্দুপ্ৰভা দেৱী ভাৰতীয় গোৰ্খা পৰিসংঘৰ সভাপতি নিত্যানন্দ উপাধ্যায়, তেজপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ কমল চন্দ্ৰ উপাধ্যায়, অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ তীৰ্থনাথ উপাধ্যায়, বিশিষ্ট কবি পুৰুষোত্তম দাহাল আৰু গ্ৰন্থখনৰ প্ৰকাশক পূৰ্বায়ণ প্ৰকাশনৰ স্বত্বাধিকাৰী ড০ অমৃত কুমাৰ উপাধ্যায়ৰ উপস্থিতি আছিল। অনুষ্ঠান পৰিচালনা কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী শৰ্মিষ্ঠা দত্তই।

Related Articles

Leave a Comment