Home » মন্ত্ৰী জয়ন্তমল্ল‌ বৰুৱাই ক’ত বিলালে কণী?

মন্ত্ৰী জয়ন্তমল্ল‌ বৰুৱাই ক’ত বিলালে কণী?

by admin

আগে আগে দিলীপ শ‌ইকীয়া, পিছে পিছে মন্ত্ৰী জয়ন্তমল্ল

মাজবাটত ৰাষ্ট্ৰীয় গণতান্ত্রিক মর্চা NDA ৰ ভোগালীৰ এসাজ অনুষ্ঠান। মাজবাটৰ ঐতিহ্যমণ্ডিত মহামুনি থানৰ বাকৰিত অনুষ্ঠিত হয় ভোগালীৰ এসাজ এই অনুষ্ঠানটো। অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ নৱ নিযুক্ত সভাপতি দিলীপ শইকীয়া, অসম চৰকাৰৰ কেবিনেট মন্ত্রী জয়ন্ত মল্ল বৰুৱা আৰু ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক বি ৰবীন্দ্ৰ ৰাজুৰ লগতে মিত্রদল অগপ আৰু UPPL দলৰ বহু জ্যেষ্ঠ নেতা।

প্ৰীতিভোজত নৱনিযুক্ত ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ৰাইজক বিলালে ছাগলীৰ মাংস, মন্ত্রী জয়ন্ত মল্ল বৰুৱাই বিলালে কণী আৰু সাংগঠনিক সম্পাদক বি ৰবীন্দ্ৰ ৰাজুয়ে বিলালে পনীৰ।

অনুষ্ঠানৰ মাজতেই ভাষণ প্রসংগত ৰাজ্যিক সভাপতি গৰাকীয়ে কয় যে দলে দিয়া দায়িত্বক মই কেতিয়াও পদবী হিচাপে গ্রহণ কৰা নাই, গ্রহণ কৰিছো মাত্র দায়বদ্ধতা হিচাপে। শইকীয়াই কয় যে বিজেপিৰ লক্ষ্য ২০২৫ চনৰ বিটিচি পৰিষদীয় নির্বাচন আৰু তৃতীয়বাৰলৈ অসমত বিজেপি চৰকাৰ প্রতিষ্ঠা কৰা। বিজেপিৰ লগতে মিত্রদল অগপ আৰু UPPL দলকো নিজৰ বুথ শক্তিশালী কৰিবলৈ নির্দেশ দিলীপ শইকীয়াৰ *BPF ৰ মুৰব্বী হাগ্রামা মহিলাৰীয়ে BTC ত BPF ১ নম্বৰ BJP দুই নম্বৰত আছে বুলি কোৱা কথাৰ উত্তৰত মহিলাৰীয়ে কি কৈছে মই শুনা নাই বুলি কৈ অজ্ঞতা প্রকাশ দিলীপ শইকীয়াৰ।

অনুষ্ঠানত উপস্থিত থাকি নতুন অসম গঢ়াৰ স্বাৰ্থত বিকাশৰ মহাযজ্ঞত নিজকে আহুতি দিয়াৰ আহ্বান মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ।

লগতে মাজবাটৰ নাৰকীয় দলবদ্ধ ধৰ্ষণৰ অভিযুক্তৰ যাৱজ্জীৱন কাৰাদণ্ড হোৱাত আনন্দ প্রকাশ মন্ত্ৰীগৰাকীৰ।

Related Articles

Leave a Comment