শিক্ষিত নিবনুৱা সকলৰ মাজত বৰ্তমানে চৰকাৰী চাকৰি পোৱাটো চাউলৰ মাজত ধান বিছৰাৰ দৰে কথা হৈ পৰিছে। চৰকাৰী চাকৰী অবিহনেও যে এক সুন্দৰ- সুচল জীৱন যাপন কৰিব পাৰি, সেই কথাই ক্ষণে ক্ষণে শিকাই আহিছে ওদালগুৰি কৃষি বিজ্ঞান কেন্দ্ৰই।ওদালগুৰি কৃষি বিজ্ঞান কেন্দ্ৰত মাংস সংশাধন আৰু মাংসৰ পৰা বিভিন্ন খাদ্য প্ৰস্তুত কৰনৰ বিষয়ে প্ৰশিক্ষণ প্ৰদানৰ এক অনুষ্ঠান অনুষ্ঠিত হয়।অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পশু পণ্য প্ৰযুক্তি বিভাগৰ অন্তৰ্গত ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ পষ্ট হাৰভেষ্ট ইঞ্জিনিয়াৰিং টেকনলজী , খানাপাৰা কেন্দ্ৰ আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ যুটীয়া উদ্যোগত ৬ আৰু ৭ চেপ্টেম্বৰত, ওদালগুৰি কৃষি বিজ্ঞান কেন্দ্ৰত দুদিনীয়া প্ৰশিক্ষণৰ আয়োজন কৰা হয়।উক্ত প্ৰশিক্ষণত প্ৰশিক্ষাৰ্থী সকলক মাংস সংশাধন, সংৰক্ষণ আৰু মাংসৰ পৰা বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত কৰাৰ বিষয়ে তাত্ত্বিক আৰু ব্যৱহাৰিক দুয়ো ধৰণৰ জ্ঞান প্ৰদান কৰা হয়। জিলাখনৰ ৩৫ গৰাকী প্ৰশিক্ষাৰ্থীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। উক্ত প্ৰশিক্ষণটোৰ আৰম্ভণি অনুষ্ঠানৰ আত ধৰে কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয় বিশেষজ্ঞ ডা: প্ৰদীপ ৰাজবংশী আৰু প্ৰিয়ংকা বৰাই। পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পশু পণ্য প্ৰযুক্তি বিভাগৰ মুৰব্বী অধ্যাপক ডঃ সৌৰভ কুমাৰ লস্কৰ আৰু তেওঁৰ সহযোগী বিজ্ঞানী ডঃ সন্তোষ উপাধ্যায় আৰু ডঃ প্ৰতিভা গগৈ আৰু কাৰিকৰী সহায়ক ডা: কুশল জ্যোতি ঠাকুৰীয়াই উক্ত প্ৰশিক্ষণটোত মাংস সংশাধন, সংৰক্ষণ আৰু বিভিন্ন মাংস সামগ্ৰীৰ স্বাস্থ্য সন্মত ভাৱে প্ৰস্তুত কৰাৰ বিষয়ে তাত্বিক আৰু ব্যৱহাৰিক উভয় দিশতে প্ৰশিক্ষণ প্ৰদান কৰে। প্ৰশিক্ষণ শিবিৰটোত কৃষি বিজ্ঞান কেন্দ্ৰৰ জেষ্ঠ্য বিজ্ঞানী ডঃ দিগন্ত শৰ্মাই প্ৰশিক্ষণ সমন্বয়ক হিচাপে অংশগ্ৰহণ কৰি প্ৰশিক্ষাৰ্থী সকলক উৎসাহিত কৰে আৰু লগতে মাংস সংশাধন প্ৰক্ৰিয়াৰ ব্যৱসায়িক প্ৰয়োগৰ সম্ভাৱনীয়তা সম্পৰ্কে ব্যাখ্যা কৰে।
