ওদালগুৰি জিলাৰ ভিন্ন প্ৰান্তত বাতৰি যুগুত কৰা সময়লৈ ডিচেম্বৰ মাহত প্ৰায় ১০০ জনকৈ অধিক লোক দুৰ্ঘটনাত পতিত হোৱাৰ সময়তে চলিত বৰ্ষত পথ দুৰ্ঘটনাৰ উদ্বেগ জনক তথ্য পোহৰলৈ আহিছে। চলিত বৰ্ষৰ ৩০ ডিচেম্বৰলৈ পথ দুৰ্ঘটনাত ১১৫৬ পথ দুৰ্ঘটনা পতিত লোকক মৃত্যুঞ্জয় ১০৮ সেৱা প্ৰদান কৰা হৈছে। এয়া কেৱল মৃত্যুঞ্জয় ১০৮ এম্বুলেন্স সেৱা ব্যৱহাৰ কৰা তথ্যহে। ইয়াৰ উপৰিও এই ১০৮ সেৱা ব্যৱহাৰ নকৰা দুৰ্ঘটনাৰ সংখ্যা অধিক হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে চলিত বৰ্ষৰ জানুৱাৰীত মাহত ১০১ গৰাকী , ফেব্ৰুৱাৰীত ১২০, মাৰ্চত ১১৭, এপ্ৰিলত ১০২, মে’ত ৯৯, জুনত ৭৬, জুলাইত ৬৬, আগষ্টত ৭৩, ছেপ্টেম্বৰত ৯০, অক্টোবৰত ৮৪, নৱেম্বৰত ১০৬ গৰাকী আৰু বাতৰি যুগুত কৰালৈ ডিচেম্বৰ মাহত প্ৰায় ১২২ গৰাকীতকৈ অধিক দুৰ্ঘটনাগ্রস্ত লোকক মৃত্যুঞ্জয় ১০৮ বিনামূলীয়া সেৱাৰে দুৰ্ঘটনা স্থলীৰ পৰা ওচৰৰ চিকিৎসালয়লৈ ও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী ও তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ ১০৮ সেৱাৰে প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে অধিকাংশ দুৰ্ঘটনাৰ কাৰণ হৈছে অত্যধিক সুৰাপান, অনভিজ্ঞ চালক, নিয়ন্ত্ৰণহীন গতিবেগ, যান বাহন আইন উলংঘন, উল্লেযোগ্য যে ইংৰাজী নৱ বৰ্ষৰ লগতে, শাৰদীয় উৎসৱৰ সময়ত দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পায়। বহাগ বিহুৰ সময়তো তুলনামূলকভাৱে দুৰ্ঘটনা বৃদ্ধি পায়। তথ্য অনুসৰি চলিত বৰ্ষৰ এপ্ৰিল মাহত অৰ্থাৎ বহাগ বিহুৰ বতৰত ১০২ গৰাকী দূৰ্ঘটনাগ্ৰস্ত লোকক মৃত্যুঞ্জয় ১০৮ বিনামূলীয়া সেৱা প্ৰদান কৰা হৈছে।এইক্ষেত্ৰত সম্প্ৰতি জিলা প্ৰশাসনে আৰক্ষী, পৰিবহণ ও আবকাৰী বিভাগৰ সহযোগত দুৰ্ঘটনা ৰোধ কৰিবলৈ জিলাখনত কঠোৰ ব্যবস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। বনভোজ থলী সমূত বিশেষকৈ ভৈৰবকুণ্ডলৈ অহা যোৱা পথ সমূহত তন্নতন্নকৈ প্ৰতিখন যানবাহনত সুৰাপায়ী চালকৰ তালাচী অভিযান চলি আছে। আনহাতে দুৰ্ঘটনা স্থলীত কম সময়ৰ ভিতৰত ১০৮ এম্বুলেন্স আহি পাবলৈ, মৃত্যুঞ্জয় ১০৮ সেৱা সংস্থাই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু মৃত্যুঞ্জয় ১০৮ সেৱাত নিয়োজিত কৰ্মচাৰী ২৪ ঘণ্টাই সজাগ হৈ আছে।উল্লেখযোগ্য যে, মৃত্যুঞ্জয় ১০৮ বিনামূলীয়া এম্বুলেন্স সেৱা উপলব্ধ হোৱাত বহু দূৰ্ঘটনাগ্ৰস্তৰ প্ৰাণ সঠিক সময়ত চিকিৎসা লাভৰ বাবে ৰক্ষা পৰিছে। এই দুৰ্ঘটনা হ্ৰাস হব যদিহে ৰাইজ সজাগ হয়। ইয়াৰ বাবে জিলা প্ৰশাসন ও মৃত্যুঞ্জয় ১০৮ বিনামূলীয়া সেৱাৰ ফালৰ পৰা ৰাইজক যানবাহন আইন যেনে যানবাহন চলাওতে হেলমেত কিম্বা চিট বেল্ট পৰিধান কৰা, তীব্ৰবেগ পৰিহাৰ কৰা, সুৰাপান পৰিহাৰ কৰা, মবাইল ফোন ব্যৱহাৰ নকৰা আদি নিয়ম মানি চলিবলৈ আহ্বান জনাই যাতে সকলোৱে আনন্দ মনেৰে কোনো ধৰণৰ ধন জন হানি নোহোৱাকৈ নৱবৰ্ষ আদৰণি উলহ মালহৰে পালন কৰে তাৰে কামনা কৰি মৃত্যুঞ্জয় ১০৮ সেৱা সংস্থাই ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছে।