একালৰ বড়ো জাতীয়তাবাদী নেতা, নিখিল বড়ো ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি, তিনিবাৰৰ বিধায়ক কৰেন্দ্ৰ নাথ বসুমতাৰী লৈ মৰোণোত্তৰভাৱে ‘এটি যুগৰ যুঁজাৰু’ সন্মান প্ৰদান। নিখিল বড়ো ছাত্ৰ সন্থাই মৰোণোত্তৰভাৱে প্রদান কৰে এই সন্মানটি। ৰৌতা সাংস্কৃতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানটোত উপস্থিত থাকে ABSU ৰ কেন্দ্রীয় সভাপতি দ্বিপেন বড়ো। একালৰ মহান বড়ো জাতিয়তাবাদী নেতাগৰাকীৰ প্রতিমূৰ্ত্তিত মাল্যাৰ্পণ কৰে ABSU সভাপতি গৰাকীয়ে। তাৰ পাছতেই অৰ্ধপতাকা উত্তোলনৰে সন্মান প্রদান কৰা হয় প্ৰাক্তন বিধায়ক গৰাকীক।
উল্লেখ যে, বড়ো জাতীয়তাবাদৰ স্বাৰ্থত স্বাক্ষৰিত BSE চুক্তি, BTC চুক্তি, BTR চুক্তিতো সমুখৰ পৰা নেতৃত্ব লৈছিল প্রয়াত কৰেন্দ্ৰ নাথ বসুমতাৰীদেৱে। তিনিবাৰৰ বিধায়ক, বড়ো সংগ্ৰামৰ অন্যতম নেতা আৰু বড়ো জনগোষ্ঠীৰ বুদ্ধিজীৱি আছিল কৰেন্দ্ৰ বসুমতাৰী। বড়ো জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ নেতৃত্ব বহন কৰিছিল কৰেন্দ্ৰ বসুমতাৰীয়ে। কৰেন্দ্ৰ বসুমতাৰী এগৰাকী দূৰদৰ্শী নেতাৰ লগতে এগৰাকী সিদ্ধান্ত দিব পৰা নেতা আছিল।তেওঁৰ নীতি আদৰ্শ আৰু বড়ো জাতিৰ বাবে আগবঢ়োৱা অৱদান জীয়াই ৰখাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ হিচাপে আজি এই সন্মান প্ৰদান কৰে নিখিল বড়ো ছাত্ৰ সন্থাই।