ওদালগুৰি পৌৰ সভাৰ উদ্যোগত স্থানীয় গান্ধী ময়দানত জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয়।স্থানীয় বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত গান্ধীজীৰ স্মৃতি স্তম্ভত পুষ্পাঞ্জলি অৰ্পণ কৰে ওদালগুৰিৰ জিলা আয়ুক্ত পুলক পাটগিৰিয়ে। পৌৰপতি ৰাকেশ চন্দ্ৰ বড়োই উদ্দেশ্য বাখ্যা কৰে স্মৃতিচাৰণ সভাৰ।ওদালগুৰি কলেজৰ অৱসৰী উপাধ্যক্ষ ড● দিলীপ দত্ত আৰু বিধায়ক তথা বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে সভাত উপস্থিত থাকি গান্ধীজীৰ আদৰ্শ আৰু সংগ্ৰামী জীৱন কাহিনীৰে তেওঁ কেনেকৈ ভাৰতৰ স্বাধীনতা আন্দোলনত আগভাগ লৈছিল সেই সম্পৰ্কত বাখ্যা দাঙি ধৰে।তিনি নং ৱাৰ্ডৰ কমিছনাৰ ৰাজু দৈমাৰীয়ে আঁতধৰা অনুষ্ঠানত ওদালগুৰিৰ জ্যেষ্ঠ নাগৰিক সকলক সম্বৰ্দ্ধনা জনোৱাৰ লগতে চাফাই কৰ্মী ক্ৰমে-কমল বসুমতাৰী, জনাথন চৰেন,মিনজু বড়ো,ৰেংগন দৈমাৰী,কমল বায়ন,প্ৰিয় বসুমতাৰী, যোগেশ বাগ্লাৰী,পংকজ পাটোৱাৰী,দেবেন দৈমাৰী, শ্যামচন খাখলাৰী,লুইচ টুডু,বাবুলাল হাচদা,বিকি বাচফৰ,বিকাশ বাচফৰ,পায়েল বাচফৰ আৰু পুনম বাচফৰক উপহাৰ আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে।ইয়াৰ লগতে খেল মহাৰণত বিজয়ী প্ৰতিযোগী সকলকো পুৰস্কাৰ সমূহ বিতৰণ কৰা হয়।
সভাত উপ পৌৰপতি প্ৰাচুৰ্য দাস,বীৰেশ্বৰ শৰ্মা,হেমল বসুমতাৰী, বিদ্যাপতি দাহাল,বেঞ্জামিন চৰেন,দেৱৰাজ চাপকোটা,দ্বিজেন্দ্ৰ বায়ন,ড● দিলীপ দত্ত, নৰেশ্বৰ ডেকা, গৌতম জ্যোতি তালুকদাৰ আদিকে ধৰি ভালেমান বিশিষ্ট ব্যক্তিয়ে শ্ৰদ্ধাঞ্জলি জনায়।
