Home » ওৰাঙত অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ অমৰ সৃষ্টিৰ আধাৰত সংগীত প্ৰতিযোগিতা

ওৰাঙত অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ অমৰ সৃষ্টিৰ আধাৰত সংগীত প্ৰতিযোগিতা

by admin

অম্বিকাগিৰি অধ্যয়ন কোষৰ উদ্যোগত আৰু ওৰাং সংগীত মহাবিদ্যালয়ৰ সহযোগত অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ অমৰ সৃষ্টিৰ আধাৰত সংগীত প্ৰতিযোগিতা আয়োজন কৰা হয়।

এই আয়োজনৰ মূল উদ্দেশ্য আছিল অম্বিকাগিৰি ৰায়চৌধুৰীৰ সৃষ্টিৰাজি সংৰক্ষণ আৰু নৱ প্ৰজন্মৰ মাজত তেওঁৰ চিন্তা প্ৰচাৰ কৰা।প্ৰতিযোগিতাত বহু সংখ্যক প্ৰতিভাশালী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

চূড়ান্ত ফলাফলত তলত উল্লেখিত প্ৰতিযোগীসকলে শ্ৰেষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হয়।১ম স্থান লাভ কৰে শ্ৰীজী নন্দীয়ে, ২য় স্থান লাভ কৰে মেঘাৰাণী নাথে,৩য় স্থান লাভ কৰে বন্ধনা মাহাতোয়ে।বিজয়ীসকলক নগদ ধন আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হয়।

বিশেষ অতিথি স্বৰূপে অনুষ্ঠানত উপস্থিত থাকে ধীৰাজ তালুকদাৰ, সমাজ কল্যাণ বিষয়া, ওদালগুৰি জিলা; উদ্ধৱ চন্দ্ৰ ডেকা, সম্পাদক, ওৰাং সংগীত মহাবিদ্যালয় পৰিচালনা সমিতি আৰু ৰতন মুচাহাৰী,অধ্যক্ষ, ওৰাং সংগীত মহাবিদ্যালয়। ইয়াৰ লগতে বহু সংগীত শিল্পী লোক উপস্থিত থাকি অনুষ্ঠানটিৰ শোভাবৰ্ধন কৰে।

অম্বিকাগিৰি অধ্যয়ন কোষৰ সভাপতি ধ্ৰুৱ জ্যোতি বৰাই প্ৰস্তাৱিক ভাষনত উল্লেখ কৰে যে অম্বিকাগিৰি ৰায়চৌধুৰীৰ আদৰ্শ আৰু গীতসমূহ সমাজ আৰু যুৱপ্ৰজন্মৰ মাজত অমৰ কৰি ৰখা কোষৰ মূল লক্ষ্য। লগতে সম্পাদক জয়ন্ত কুমাৰ নাথে সমাপন ভাষনত সাহিত্য, সংস্কৃতি আৰু শিক্ষামূলক কামৰ জৰিয়তে ক্ৰমে অম্বিকাগিৰি অধ্যয়ন কোষৰ লক্ষ্য আৰু উদ্দেশ্য সাধনৰ দিশে আগুৱাই যাব বুলি আশা প্ৰকাশ কৰে।

Related Articles

Leave a Comment