Home » BTR নিৰ্বাচনত সঁচাকৈ অকলে যুঁজিব নে বিজেপিয়ে?

BTR নিৰ্বাচনত সঁচাকৈ অকলে যুঁজিব নে বিজেপিয়ে?

by admin

বিজেপিৰ গেমপ্লেনত মুখথেকেচা খাব নেকি ইউ পি পি এল দলে?

সমাগত বিটিআৰ নিৰ্বাচন। সকলো ঠিকে ঠাকে চলিলে এই বৰ্ষৰ চেপ্তেম্বৰ মাহতে অনুষ্ঠিত হ’ব বিটিআৰ ৰ পৰিষদীয় নিৰ্বাচন। ইয়াৰ বাবে BPF, UPPL, BJP প্ৰতিটো দলেই নিজাববীয়াকৈ প্ৰস্তুতি ইতিমধ্যে চলাইছে। পৃথকে পৃথকে আৰম্ভ কৰিছে নিৰ্বাচনী কুচ-কাৱাজ। কিন্তু এইখিনিতে প্ৰশ্ন উঠিছে বিজেপিয়ে ইউ পি পি এল ৰ হাত এৰি অকলেই যুঁজিব নে? নে নিৰ্বাচনী ফলাফল ওলোৱাৰ পিছত চল চাই কঠিয়া পাৰিব?

ইতিমধ্যে ৰণত যুঁজিবলৈ সাজু হৈছে বিজেপি। শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শ‌ইকীয়াৰ উপস্থিতত বি টি আৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে বিশেষ কৰ্ণধাৰ সমিতিৰ বৈঠকখন অনুষ্ঠিত হৈ যায়।এই সভাতেই বিটিআৰ নিৰ্বাচনৰ প্ৰাক প্ৰস্তুতি পৰ্যবেক্ষণৰ বাবে বিশেষ দায়িত্ব প্ৰদান কৰা হয় কেইবাজনো কেবিনেট মন্ত্ৰী আৰু জেষ্ঠ বিজেপি নেতাক।

কোকৰাঝাৰ – কেবিনেট মন্ত্ৰী অশোক সিংঘল আৰু ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মা

চিৰাং — মন্ত্ৰী কৌশিক ৰায় আৰু ৰাজ্যিক বিজেপিৰ সম্পাদক অজয় ৰায়

বাক্সা– কেবিনেট মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস আৰু ৰাজ্যিক বিজেপিৰ উপ সভাপতি অশোক ভট্টৰায়

ওদালগুৰি– কেবিনেট মন্ত্ৰী পিয়ুজ হাজৰিকা আৰু ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাস

তামুলপুৰ– কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পোলক গোহাঁই।

আগন্তুক দহ দিনৰ ভিতৰত দায়িত্ব প্ৰাপ্ত এই সকল ব্যক্তিয়ে তৃণমূল পৰ্য্যায়ত গৈ প্ৰতিবেদন প্ৰস্তুত কৰিব। তৃণমূল পৰ্য্যায়ত বিজেপিৰ খোপনি সুদৃঢ় হয় নে নহয় সেই বিষয়ে এই প্ৰতিবেদনৰ পিছত ৰাজ্যিক বিজেপিয়ে আলোকপাত কৰিব। তাৰ পিছতহে মিত্ৰতাৰ দিশটো পৰিস্কাৰ হৈ পৰিব। এই প্ৰতিবেদনেই আগন্তুক বিটিআৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰস্তুতি, পৰিকল্পনা তথা ৰণনীতি নিৰ্ভৰ কৰিব।

Related Articles

Leave a Comment