Home » BTR নিৰ্বাচন: কোনে শেষ হাঁহি মাৰিব ভেৰগাঁও সমষ্টিত?

BTR নিৰ্বাচন: কোনে শেষ হাঁহি মাৰিব ভেৰগাঁও সমষ্টিত?

by admin

BTR ত চাৰিওফালে বলিছে এতিয়া নিৰ্বাচনী বতাহ । পৰিষদীয় চৰকাৰ গঠন কৰিবলৈ চলিছে প্ৰতিটো দলৰ প্ৰচাৰ। ওদালগুৰিৰ ভেৰগাঁও সমষ্টি দখল কৰিবলৈ পূৰ্ণ ৰূপত সাজু হৈ উঠিছে বিজেপি । সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী জৌশ্ৰাং বড়োই দুগুণ উৎসাহত চলাইছে নিৰ্বাচনী প্ৰচাৰ।

সমগ্ৰ বিটিআৰ তে এতিয়া চৰ্চা কেৱল পৰিষদীয় নিৰ্বাচনৰ। হাতত আৰু বেছি দিন নাই। সেয়ে প্ৰতিটো দলেই নিজৰ নিজৰ সমষ্টিৰ ৰাইজৰ কাষ চপাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। BPF – UPPL ৰ সমান্তৰালকৈ বিটিচি নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজনৈতিক তৎপৰতা অব্যাহত ৰাখিছে।দেওবাৰে দলটোৱে ওদালগুৰিৰ ভেৰগাঁওত কেইবাখনো নিৰ্বাচনী সভা অনুষ্ঠিত কৰে।

এই সভাতেই ভেৰগাঁও সমষ্টিৰ বিজেপি প্ৰাৰ্থী জৌশ্ৰাং বড়োৰ দাবী-এইবাৰ ১০০% ই পদুম ফুলিব পৰিষদীয় ভেৰগাঁও সমষ্টিত। কিয়নো ৰাইজৰ সমৰ্থনে বিশেষকৈ উৎসাহিত কৰিছে দলটোক। কেৱল ভেৰগাঁও সমষ্টিয়ে নহয়, বিজেপিয়ে প্ৰাৰ্থীত্ব প্ৰদান কৰা ওদালগুৰিৰ ৭ সমষ্টিতে বিজেপিৰে নিচান উৰিব বুলি দাবী জৌশ্ৰাং বড়োৰ। দেওবাৰৰ নিৰ্বাচনী সভাত বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ বহু লোকে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।

Related Articles

Leave a Comment