ওদালগুৰি জিলাত চলিত বৰ্ষত উদ্বেকজনক ভাৱে বৃদ্ধি পাইছে মেলেৰিয়া ৰোগীৰ সংখ্যা। ২০২০ বৰ্ষৰ পাছত এই বছৰতে সৰ্বাধিক ব্যক্তি মেলেৰিয়া ৰোগত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ দলনিবস্তি অঞ্চলতে ৬৫ গৰাকী ব্যক্তি মেলেৰিয়াত আক্ৰান্ত হৈছে। মেলেৰিয়া ৰোগ বৃদ্ধিৰ প্ৰকৃত কাৰণ সমূহ কি তথা ইয়াৰ প্ৰতিৰোধ ব্যৱস্থা সন্দৰ্ভত বিতং ভাৱে গৱেষণা কৰাৰ উদ্দেশ্যে ওদালগুৰি জিলাত বুধবাৰে ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিচাৰ্ছ চমুকৈ ICMR ৰ এটি দলে ওদালগুৰি জিলাত উপস্থিত হয়। জিলা আয়ুক্ত জাভিৰ ৰাহুল সুৰেশৰ নিৰ্দেশ মৰ্মে ওদালগুৰি জিলা স্বাস্থ্য সমিতিৰ যুটীয়া সঞ্চালকে ৬ আগষ্ট তাৰিখে আই চি এম আৰ লৈ গৱেষণাৰ বাবে দল প্ৰেৰণ কৰিবলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল। এই অনুৰোধ ৰক্ষা কৰি বুধবাৰে গৱেষণাৰ বাবে দিল্লীৰ পৰা এই দলটো উপস্থিত হয়। দিল্লীৰ পৰা অহা এই দলটোত আছে ডা.অভিনৱ যোশী, ডা. কুলদীপ সিং আৰু ডা. ৱাচিম আক্ৰাম মালিয়া। দলটোৱে বৃহস্পতিবাৰে দলনিবস্তি, ধনশিৰি চাহ বাগিচাৰ ৭ আৰু ৬ নং লাইন, লালপানি আদি অঞ্চল পৰিদৰ্শন কৰি ৰোগীসকলৰ সৈতে সাক্ষাৎ কৰি ৰোগীসকলে নিয়মিত ৰূপত ঔষধ সেৱন কৰিছে নে নাই আদিৰ বুজ লয়। দলটোৱে এই অঞ্চলত মেলেৰিয়া ৰোগ বৃদ্ধিৰ প্ৰকৃত কাৰণ আৰু ইয়াৰ প্ৰতিৰোধ ব্যৱস্থা সন্দৰ্ভত গৱেষণা কৰি প্ৰতিবেদন দাখিল কৰিব। পৰবৰ্তী সময়ত এই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি স্বাস্থ্য বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব। উল্লেখযোগ্য যে দলটোৱে বৃহস্পতিবাৰে সন্ধিয়া অতিৰিক্ত জিলা আয়ুক্ত চৰফ্ৰাজ হ’কৰ সৈতে এই বিষয়ত এক আলোচনাতো মিলিত হয়।