Home » হৰিশিঙাৰ নাবালিকা ধৰ্ষণকাৰীক ২০ বছৰ কাৰাদণ্ড ওদালগুৰিৰ আদালতৰ

হৰিশিঙাৰ নাবালিকা ধৰ্ষণকাৰীক ২০ বছৰ কাৰাদণ্ড ওদালগুৰিৰ আদালতৰ

by admin

ওদালগুৰি, ২০ আগষ্টঃ ওদালগুৰিৰ বিশেষ নায়্যাধীশৰ আদালতে ওদালগুৰি জিলাৰ হৰিশিঙাত সংঘটিত নাবালিকা ধৰ্ষণ ঘটনাৰ ৰায়দান কৰি ধৰ্ষণকাৰী লাল বাহাদুৰ ছেত্ৰীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ২০ হাজাৰ টকাৰ জৰিমনা বিহাৰ লগতে ধৰ্ষণত বলী হোৱা ভুক্তভোগীক ৫ লাখ টকাৰ এককালীন সাহাৰ্য্য প্ৰদান কৰাৰ বাবে ওদালগুৰি জিলা আইন সেৱা প্ৰাধিকাৰীক নিৰ্দেশনা দিয়ে। চৰকাৰী অধিবক্তা অৰবিন্দ বসুমতাৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত সদৰি কৰা তথ্য মতে যোৱা ২০২৩ বৰ্ষৰ ১ ফেব্ৰুৱাৰী তাৰিখে হৰিশিঙা আৰক্ষী থানাত উক্ত ধৰ্ষণ কাণ্ডৰ এজাহাৰ দাখিল কৰা হৈছিল। এজাহাৰত উল্লেখ কৰা অনুসৰি লাল বাহাদুৰ চেত্ৰীয়ে টকাৰ প্ৰলোভন দেখুৱাই কিশোৰী গৰাকীৰ লগত যৌন সম্পৰ্ক স্থাপন কৰিছিল। ওদালগুৰিৰ বিশেষ ন্যায়াধীশৰ আদালতত চলা শুনানিৰ অন্তত কালি ওদালগুৰিৰ জিলা ও সত্ৰ ন্যায়াধীশ নগেন সেনাবায়া দেউৰীৰ বিশেষ আদালতে ধৰ্ষণকাৰী লোকজনক এই শাস্তি প্ৰদান কৰে

Related Articles

Leave a Comment