
অপাৰেছন সিন্দুৰৰ জৰিয়তে ভাৰতীয় সেনাই প্ৰদৰ্শন কৰা অসাধাৰণ পৰাক্ৰমৰ প্ৰতি সন্মান জনাই তথা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্ণায়ক নেতৃত্বক ধন্যবাদ জ্ঞাপনাৰ্থে আজি ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তত উলিওৱা হ’ল ত্ৰিৰংগা যাত্ৰা ।
আজি সমগ্ৰ দেশৰ লগতে ওদালগুৰি জিলাৰ বিভিন্ন স্থানত ‘আকাশবাণী’ যোগে সম্প্ৰচাৰ হোৱা ‘প্ৰধানমন্ত্ৰীৰ মন কী বাত’ অনুষ্ঠানটি ৰাজহুৱা ভাৱে শুনাৰ লগতে ৰূপায়ন কৰা হয় ত্ৰিৰংগা যাত্ৰা কাৰ্য্যসূচী ।

ওদালগুৰি বিধানসভা সমষ্টিৰ ১০১ নং বুথৰ অন্তৰ্গত পূৱ ওদালগুৰি ৰাজহুৱা নামঘৰত আয়োজিত মন কী বাত আৰু ত্ৰিৰংগা যাত্ৰা কাৰ্য্যসূচীত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ওদালগুৰি জিলা সমিতিৰ সম্পাদক নিতু শইকীয়াৰ লগতে অঞ্চলটোৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।

একেদৰে ওদালগুৰি বিধানসভা সমষ্টিৰ ৮৪ নং বুথৰ খাংখালাবাৰী শিৱ মন্দিৰত ‘আকাশবাণী’ যোগে সম্প্ৰসাৰ হোৱা ‘প্ৰধানমন্ত্ৰীৰ মন কী বাত’ অনুষ্ঠান আৰু ত্ৰিৰংগা যাত্ৰা কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰিলে সমাজসেৱক মিনন মোছাহাৰীয়ে ।

Bureau Report, Udalguri LIVE