
শুকুৰবাৰে কোকৰাঝাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি উভতি অহাৰ সময়ত, বি.পি.এফ দলৰ সমৰ্থকসকলক কঢ়িয়াই নিয়া এখন বাছ পাঠশালাৰ সমীপত এক দুৰ্ভাগ্যজনক দুৰ্ঘটনাত পতিত হয়। কিছু সময়ৰ পিছতে একেটা পথেৰে আহি থকা মন্ত্ৰী চৰণ বড়োই দুৰ্ঘটনাত পতিত হোৱা বাছখন দেখা পাই গাড়ী ৰখাই বুজ ল’লে পৰিস্থিতিৰ।

ইয়াৰ পিছতে আহত সকলক প্ৰেৰণ কৰা হয় পাঠশালা চিকিৎসাললৈ। চিকিৎসালয়ত গৈ আহত সকলৰ স্বাস্থ্যৰ বুজ ললে মন্ত্ৰী চৰণ বড়োই।
মন্ত্ৰী গৰাকীয়ে চিকিৎসালয়ত উপস্থিত হৈ কৰ্তব্যৰত চিকিৎসকসকলৰ সৈতে কথা পাতে আৰু আহতসকলে যাতে উন্নত মানৰ চিকিৎসা আৰু যতন পায়, তাৰ নিৰ্দেশ দিয়ে।
কম পৰিমাণে আঘাতপ্ৰাপ্ত হোৱা ব্যক্তিসকলক চিকিৎসা সম্পূৰ্ণ হোৱাৰ পিছত অন্য গাড়ীৰ ব্যৱস্থা কৰি ঘৰলৈ প্ৰেৰণৰো ব্যৱস্থা কৰে।
প্ৰতিজন আঘাতপ্ৰাপ্ত ব্যক্তিৰ সৈতে মত বিনিময়ো কৰে মন্ত্ৰীগৰাকীয়ে।
এই দূৰ্ঘটনাত ৩৮ জন ব্যক্তিয়ে কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয় আৰু গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত ৩ জন ব্যক্তিক নলবাৰী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয়।
মন্ত্ৰী চৰণ বড়োৰ এই মহানুভৱতাৰ বাবে সকলোৱে একেমুখে প্ৰশংসা কৰিছে মন্ত্ৰী গৰাকীক।