Home » সাংবাদিকক আক্ৰমণ কৰি গ্ৰেপ্তাৰ এছ’বফৰ্ড একাডেমীৰ ছাত্ৰ

সাংবাদিকক আক্ৰমণ কৰি গ্ৰেপ্তাৰ এছ’বফৰ্ড একাডেমীৰ ছাত্ৰ

by admin

ওদালগুৰি লাইভ,২৫ আগষ্টঃ ওদালগুৰি সাংবাদিক তথা কৰ্তব্যৰত আৰক্ষীক আক্ৰমণৰ ঘটনাত জৰিত থকাৰ অভিযোগত ওদালগুৰি এছবোফ’ৰ্ড একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ৫ গৰাকী ছাত্ৰক গ্ৰেপ্তাৰ কৰা বুলি ওদালগুৰি আৰক্ষীয়ে অনানুষ্ঠানিকভাৱে জানিবলৈ দিয়ে। আটাইকেইজন ছাত্ৰই ঘটনা সংঘটিত হোৱাৰ সময়ত আপত্তিজনক কাৰ্যত লিপ্ত থকা বুলি ভিডিঅ’ সমূহত প্ৰত্যক্ষ কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ কথা সূত্ৰটোৱে জানিবলৈ দিয়ে। উল্লেখ্য যে যোৱা ১৭ আগষ্ট তাৰিখে ওদালগুৰি চহৰত সংঘটিত এক ভয়ংকৰ পথ দূৰ্ঘটনাত থিতাতে নিহত হৈছিল এগৰাকী কলেজীয়া ছাত্ৰী। উক্ত দূৰ্ঘটনাটোৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা অৱস্থাত এটা ব্যক্তিগত ছেটেলাইট চেনেলৰ ওদালগুৰিৰ সাংবাদিক অজয় কলিতাক একাংশ দুৰ্বৃত্তই বাতৰি সংগ্ৰহ কৰাৰ বাবে ঘটনাস্থলীত বেয়াকৈ প্ৰহাৰ কৰিছিল। দুৰ্বৃত্তৰ প্ৰহাৰত আনকি সাংবাদিকগৰাকীৰ ৰক্তক্ষয়ো হৈছিল। ইয়াৰ পাছত দুৰ্বৃত্তৰ বিৰুদ্ধে ভুক্তভোগী সাংবাদিকগৰাকীৰ লগতে ওদালগুৰি প্ৰেছ ক্লাব, বাৰ্তাজীৱি সংঘই পৃথকে পৃথকে তিনিখনকৈ এজাহাৰ দাখিল কৰিছিল। উক্ত এজাহাৰৰ ভিত্তিত ওদালগুৰি আৰক্ষীয়ে ১৮ আগষ্টত 189(2)/117(2) of BNS 2023 নম্বৰত ৰুজু কৰিছিল এক গোচৰ। সমান্তৰালভাৱে ঘটনাস্থলীত কৰ্তব্যৰত অৱস্থাত আৰক্ষীক আক্ৰমণৰ বাবে আৰক্ষীয়েও নিজাবৱীয়াকৈ এক গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে। উক্ত গোচৰৰ ভিত্তিতেই আৰক্ষীয়ে ছাত্ৰকেইগৰাকীক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Comment