Home » মিছাহাটখলা গ্ৰাম্য লক্ষ্মী ভঁৰাল আৰু মিছাহাটখলা গ্ৰাম্য সেৱা সংঘৰ উদ্যোগত অভিনন্দন অনুষ্ঠান

মিছাহাটখলা গ্ৰাম্য লক্ষ্মী ভঁৰাল আৰু মিছাহাটখলা গ্ৰাম্য সেৱা সংঘৰ উদ্যোগত অভিনন্দন অনুষ্ঠান

by admin

মিছাহাটখলা গ্ৰাম্য লক্ষ্মী ভঁৰাল আৰু মিছাহাটখলা গ্ৰাম্য সেৱা সংঘৰ উদ্যোগত অভিনন্দন অনুষ্ঠান সম্পন্ন। দৰং আৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী মিছাহাটখলাত গ্ৰাম্য লক্ষ্মী ভঁৰাল আৰু মিছাহাটখলা গ্ৰাম্য সেৱা সংঘৰ সৌজন্যত 2024 বৰ্ষত উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰি অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা ছাএ ছাত্ৰী সকলৰ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। আন্ধেৰীঘাট মহৰ্ষি স্কুলৰ অধ্যক্ষা ভাস্বতী দেৱীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাখন উদ্বোধন কৰে ৰামধেনু সাহিত্য চক্ৰৰ সভাপতি ফজলুল হক চৌধুৰীয়ে, নিদিষ্ট বক্তাৰ ভাষন ৰাখে বিদ্যা ভাৰতী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ দুলাল হাজৰিকাই। সভাত চিনাকোণা উচ্চ মাধ্যমিক বিদ্যালয় শিক্ষক ভগীৰথ চহৰীয়া, দ্বীপেন চহৰীয়া জেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী ময়ুৰী ডেকা, নামখলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষক মনোৰঞ্জন ৰাভাৰ লগতে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Related Articles

Leave a Comment