Home » কি হৈছে ওদালগুৰি ক্ৰিকেট সন্থাৰ ভিতৰ চ’ৰাত? ক্ষোভিত প্ৰাক্তন খেলুৱৈ, আম্পায়াৰ

কি হৈছে ওদালগুৰি ক্ৰিকেট সন্থাৰ ভিতৰ চ’ৰাত? ক্ষোভিত প্ৰাক্তন খেলুৱৈ, আম্পায়াৰ

by admin

ওদালগুৰি, ৪ জানুৱাৰীঃ “ওদালগুৰি জিলা ক্ৰিকেট সন্থা‌ই বিগত ১৫ বছৰে নিজৰ খিয়াল খুচি অনুসৰি কাম চলাই গৈছে। খেলুৱৈ, প্ৰাক্তন খেলুৱৈক কেৱল অৱজ্ঞা কৰি চলি গৈছে ওদালগুৰি জিলা ক্ৰিকেট সন্থা। যাৰ ফলত বিনষ্ট হৈছে ক্ৰিকেটৰ পৰিৱেশ” এই অভিযোগ ওদালগুৰি জিলাৰ ক্ৰিকেট খেলুৱৈ, প্ৰাক্তন ক্ৰিকেট খেলুৱৈ আৰু আম্পায়াৰৰ। বিগত প্ৰায় ১৫ বছৰে নিজৰ ইচ্ছা অনুসৰি ওদালগুৰি ক্ৰিকেট সন্থা চলাই নিয়া সন্থাৰ বিদায়ী সমিতিৰ সভাপতি তথা সাধাৰণ সম্পাদকসহ সমিতিখনৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে কেইবাজনো ক্ৰিকেট খেলুৱৈ, প্ৰাক্তন খেলুৱৈ আৰু আম্পায়াৰসকল। এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে তেওঁলোকে সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰে যে, “বিগত প্ৰায় ১৫ বছৰে এইসকল ক্ৰিকেট সন্থাৰ বিষয়বৱীয়াই ক্ৰিকেট সন্থাৰ নীতি নিয়ম নামানি সংগঠনটো চলাই নিছে। আনকি নতুন সমিতি গঠন কৰাৰ সময়ত খেলুৱৈ, প্ৰাক্তন খেলুৱৈ আৰু আম্পায়াৰক কোনো ধৰণে গুৰুত্ব প্ৰদান নকৰে। ইয়াৰ পৰিৱৰ্তে নিজৰ পচন্দ অনুসৰি নিৰ্দিষ্ট কিছু লোকক মাতি নি নিজৰ ইচ্ছাৰে সমিতি গঠন কৰি কাম-কাজ চলাই নিয়ে।” যাৰ ফলত ওদালগুৰি জিলাত ক্ৰিকেটৰ পৰিৱেশ বিকাশত বাধাৰ সন্মুখীন হৈ অহা বুলিও উল্লেখ কৰে। এই সন্দৰ্ভত ক্ষোভিত খেলুৱৈ, প্ৰাক্তন খেলুৱৈ আৰু আম্পায়াৰৰ পৰা জানিবলৈ বিচৰাত তেওঁলোকে কয়, “বিগত ১৫ বছৰে ওদালগুৰিৰ কোনো ক্ৰিকেটপ্ৰেমী ৰাইজে সন্থাৰ জমা-খৰচৰ হিচাপ লাভ কৰা নাই। ইয়াৰ বিৰুদ্ধে মাত মাতিলে খেলুৱৈসকল সমস্যাৰ সন্মুখীন হোৱাৰ ভয়ত মনে মনে থাকে।” বিষয়টো সন্দৰ্ভত সন্থাৰ সভাপতি ৰিহন দৈমাৰী অৱগত হয় নে নহয় তাক লৈও প্ৰশ্ন উত্থাপন হৈছে। ইফালে চলিত বৰ্ষত ৩ জানুৱাৰীৰ পৰা জিলাখনৰ নলবাৰী খেলপথাৰত আৰম্ভ হোৱা সপ্তম অসম প্ৰীমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপ সন্দৰ্ভতো সাংবাদিকৰ সন্মুখত ভাষ্য প্ৰদান কৰি কেৱল মাত্ৰ এসপ্তাহতেই ফুটবলৰ খেলপথাৰ এখনত বৃহৎ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ অভিযোগ তোলে। উল্লেখ্য যে উক্ত ক্ৰিকেট প্ৰতিযোগিতাখন পৰিচালনা কৰাৰ বাবে অসম ক্ৰিকেট সন্থাই প্ৰতিখন জিলাকে ২.২৫ লাখ টকাকৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰাৰ পাছতো ওদালগুৰি ক্ৰিকেট সন্থাই কিয় মাত্ৰ এসপ্তাহৰ ভিতৰতে খৰধৰকৈ এনে কাৰ্য কৰিলে তাক লৈও এতিয়া ক্ৰিকেটপ্ৰেমীৰ মাজত প্ৰশ্ন উত্থাপন হৈছে। এই সন্দৰ্ভত অসম ক্ৰিকেট সন্থাক ব্যৱস্থা গ্ৰহণৰ দাবী কৰাৰ লগতে ভৱিষ্যতে প্ৰতিবাদী কাৰ্যসূচীয়ো হাতত লোৱাৰ কথা প্ৰকাশ কৰে ক্ষোভিত খেলুৱৈ, প্ৰাক্তন খেলুৱৈ আৰু আম্পায়াৰসকলে ।

Related Articles

Leave a Comment