ISROৰ নতুন মুৰব্বী হ’ব জ্যেষ্ঠ মহাকাশচাৰী তথা ক্ৰাইজেনিক ইঞ্জিন বিশেষজ্ঞ ভি নাৰায়ণন। বৰ্তমানৰ ISROৰ মুৰব্বী এছ সোমনাথৰ ঠাইত নাৰায়ণনে স্থান লাভ কৰিব। দুবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰি অহা ১৪ জানুৱাৰীত অৱসৰ ল’ব সোমনাথে।

এছ সোমনাথে ২০২২ চনৰ ১৪ জানুৱাৰীত ইছৰোৰ অধ্যক্ষ আৰু মহাকাশ বিভাগৰ সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। বৰ্তমান ভি নাৰায়ণন তামিলনাডুৰ মহেন্দ্ৰগিৰিত অৱস্থিত ISROৰ LPSCৰ সঞ্চালক হিচাপে কৰ্মৰত।

মঙলবাৰে সন্ধিয়া জাৰি কৰা আদেশ অনুসৰি ১৪ জানুৱাৰীৰ পৰা দুবছৰ বা পৰৱৰ্তী আদেশ পৰ্যন্ত এই পদত ভি নাৰায়ণনৰ নিযুক্তি কাৰ্যকৰী হ’ব। নাৰায়ণনৰ বিশেষজ্ঞতা ৰকেট আৰু মহাকাশযান প্ৰপালচনত। তেওঁ GSLV Mk-III বাহনখনৰ C25 Cryogenic Project ৰ প্ৰকল্প সঞ্চালক আছিল।
১৯৮৪ চনত ISROত যোগদান কৰি কেন্দ্ৰটোৰ সঞ্চালক হোৱাৰ পূৰ্বে বিভিন্ন পদত অধিষ্ঠিত হৈছিল ভি নাৰায়ণ। ১৯৮৯ চনত IIT-খৰগপুৰৰ পৰা ক্ৰাইজেনিক ইঞ্জিনিয়াৰিঙত M.Tech সম্পূৰ্ণ কৰি লিকুইড প্ৰপালচন চিষ্টেমছ চেণ্টাৰ (এল পি এছ চি)ত ক্ৰাইজেনিক প্ৰপালচন এৰিয়াত যোগদান কৰিছিল।