
বাল্য বিবাহ ৰোধ কৰিবলৈ বহু বছৰ আগতে যুৱতীৰ বিবাহৰ নূন্যতম বয়স ঠিক কৰিছিল ভাৰতীয় সংবিধানে। আইনমতে সেই বয়স আছিল ১৮ বছৰ। আনহাতে যুৱকৰ বাবে বিবাহৰ নূন্যতম বয়স নিৰ্ধাৰণ কৰা হৈছিল ২১ বছৰ। কিন্তু এইখন ভাৰতবৰ্ষৰে এখন ৰাজ্যই সলনি কৰিব ওলাইছে আইন।
যুৱতীৰ বিবাহৰ বাবে হিমাচল প্ৰদেশ চৰকাৰে বিধানসভাত পাছ কৰিছে এখন নতুন বিধেয়ক। যুৱতীৰ বাবে বিধেয়ক খনত নূন্যতম বয়স নিৰ্ধাৰণ কৰা হৈছে ২১ বছৰ। ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী ধনীৰাম শাণ্ডিলে বিধানসভাত উত্থাপন কৰিছে বাল্যবিবাহ প্ৰতিৰোধ (হিমাচল প্ৰদেশ, সংশোধন বিধেয়ক,২০২৪ )।
বিশেষকৈ মহিলাৰ সবলীকৰণৰ লগতে লিংগ বৈষম্য দূৰ কৰাৰ মানস কৰিয়ে এই বিধেয়ক অনাৰ চেষ্টা কৰিছে হিমাচল প্ৰদেশ চৰকাৰে। স্বাস্থ্য মন্ত্ৰীৰ মন্তব্য – এই বিধেয়ক খনে বহু যুৱতীৰ শিক্ষাৰ ক্ষেত্ৰতো থকা বাধাৰ প্ৰাচীৰ ভাঙিব অনাগত ভৱিষ্যতত।
