ওদালগুৰি লাইভ,২ ছেপ্টেম্বৰঃ ওদালগুৰি জিলা কলিতা ছাত্ৰ সন্থাৰ এখনি সাধাৰণ সভা দেওবাৰে ওদালগুৰি সদৰত থকা সংগঠনটোৰ জিলা কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়।পুৱা ৮ বজাত কামৰূপ নৃপতি কুমাৰ ভাস্কৰ বৰ্মাৰ প্ৰতিচ্ছবিত অৱসৰ প্ৰাপ্ত শিক্ষক দীপক গায়ন আৰু বিজয় চন্দ্ৰ কলিতাই বন্তি প্ৰজ্বলন কৰাৰ পাচতে ৮:৩০ সংগঠনৰ পতাকা উত্তোলন কৰে সংগঠনৰ জিলা উপদেষ্টা ভবেশ দত্তই। ইয়াৰ পাচতে দিনৰ ১০ বজাৰ পৰা ওদালগুৰি জিলা কলিতা ছাত্ৰ সন্থাৰ সাধাৰণ সভা খনি অনুষ্ঠিত হ’য়। তপন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সাধাৰণ সভাত পৰ্যবেক্ষণ হিচাপে উপস্থিত থাকে সদৌ অসম কলিতা ছাত্ৰ সন্থাৰ সম্পাদক অভিশেষ ৰাজ কলিতা ।সভাত সৰ্বসন্মতি ক্ৰমে গুনিন্দ্ৰ ডেকাক মুখ্য উপদেষ্টা, তপন কলিতাক সভাপতি আৰু জোতিষ্ময় ভূঞাঁক সম্পাদক হিচাপে লৈ ২১ জনীয়া পূৰ্ণাংগ সমিতি খন গঠন কৰা হ’য়।সভাত উপস্থিত কেন্দ্ৰীয় সম্পাদক অভিশেষ ৰাজ কলিতাই নৱনিৰ্বাচিত সমিতি খনক শপত বাক্য পাঠ কৰাই।আনহাতে সভাত সদৌ কলিতা আল্পাইন জনগোষ্ঠী সন্মিলনৰ ওদালগুৰি জিলা সমিতিৰ বিষয়ববীয়া সকলো উপস্থিত থাকে।নৱ গঠিত ওদালগুৰি জিলা সমিতি খনক এই সভাতে দ্বায়িত্বভাৰ অৰ্পন কৰা হ’য়।