ওদালগুৰি লাইভ,২ ছেপ্টেম্বৰঃ অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত অৱৰ্তীণ হ’ব লগীয়া ওদালগুৰিৰ যুৱক-যুৱতী সকলৰ সুবিধাৰ্থে ওদালগুৰিৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজসেৱক মিনন মোছাহাৰীৰ প্ৰচেষ্টাত আয়োজন কৰা ১০ দিনীয়া বিশেষ বিনামূলীয়া প্ৰশিক্ষণ শিৱিৰ আজিৰ পৰা শুভাৰম্ভ কৰা হয়।দেওবাৰে ওদালগুৰিৰ প্ৰীমিয়াৰ জুনিয়ৰ কলেজত আয়োজিত শুভাৰম্ভণি অনুষ্ঠানটি বিটিচিৰ চেন্ট্ৰেল চিলেক্সন বৰ্ডৰ অধ্যক্ষ ড° দীপক কুমাৰ বসুমতাৰীয়ে বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।

অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি মিনন মোছাহাৰীয়ে বিভিন্ন পৰীক্ষাত ওদালগুৰি জিলাত সফলতাৰ হাৰ অন্য জিলাৰ তুলনাত কম হোৱাত উদ্বেগ প্ৰকাশ কৰি ওদালগুৰি জিলাক সফলতাৰ দিশত আগুৱাই নিবলৈ কৰা পৰিকল্পনা সমূহৰ বিষয়ে উল্লেখ কৰে। তেও এই প্ৰশিক্ষণৰ জড়িয়তে পৰৱৰ্তী অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত ওদালগুৰিৰ বহু যুৱক-যুৱতী সফলতা অৰ্জন কৰিব বুলি আশা প্ৰকাশ কৰে।

অনুষ্ঠানত বিটিচিৰ চেন্ট্ৰেল চিলেক্সন বৰ্ডৰ অধ্যক্ষ ড° দীপক বসুমতাৰীয়ে বৰ্তমান নিকা আৰু স্বচ্চ পদ্ধতিৰে হোৱা নিযুক্তি প্ৰক্ৰিয়াৰ বাবে প্ৰাৰ্থী সকল অধিক উৎসাহিত হোৱা বুলি উল্লেখ কৰাত লগতে মিনন মোছাহাৰীৰ এই প্ৰচেষ্টাত বিশেষকৈ ধনৰ অভাৱত উপযুক্ত সুবিধাৰ পৰা বঞ্চিত হোৱা প্ৰাৰ্থী সকলে উন্নতমানৰ প্ৰশিক্ষণেৰে পৰীক্ষাত সফল হ’ব পাৰিব বুলি উল্লখ কৰে। অনুষ্ঠানত ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ পুস্পধৰ শৰ্মা, ওদালগুৰি জিলা বিজেপিৰ সভাপতি সুনীল বসুমতাৰীৰ লগতে বিভিন্ন জনে ভাষণ প্ৰদান কৰি মিনন মোছাহাৰীৰ পদক্ষেপক শলাগ জনোৱাৰ লগতে প্ৰশিক্ষাৰ্থী সকলৰ সন্মুখত প্ৰেৰণাদায়ক বক্তব্য ৰাখে।

উল্লেখ যে এই প্ৰশিক্ষণ শিৱিৰত অসমৰ বিভিন্ন অঞ্চলৰ অভিজ্ঞ প্ৰশিক্ষক সকলে প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে পৰীক্ষাত সফল কৰাৰ বাবে পৰৱৰ্তী সময়তো বিশেষ কাৰিকৰী প্ৰযুক্তিৰ জৰিয়তে প্ৰশিক্ষাৰ্থী সকলক শিক্ষা প্ৰদান তথা তত্বাৱধান কৰিব। আজিৰ এই অনুষ্ঠানত মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ থুনুৰাম দাস , ইউ এন ব্ৰহ্ম একোডেমিৰ অধ্যক্ষ বলেন ব্ৰহ্ম, বিশ্ব হিন্দু পৰিষদৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি নৃপেন শৰ্মা , ওদালগুৰি জিলা এবছুৰ সম্পাদক ৰমেশ বড়োৰ লগতে আছু,এবছু, আক্ৰাছু, এছু, আগছু, এবিভিপি, বীৰ লাচিত সেনাৰ লগতে বহু সংগঠনৰ নেতৃত্ব উপস্থিত থাকে।