Home » শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক আমি পাহৰিছো নেকি?

শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক আমি পাহৰিছো নেকি?

by admin

জাতীয় জীৱনৰ সাহিত্য আৰু সাংস্কৃতিক পথাৰখনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অনবদ্য অৱদান আৰু বৈজ্ঞানিক প্ৰভাৱ অনস্বীকাৰ্য। তাৰাৰ চিন্তাধাৰা, ধ্যান ধাৰণা, বিশ্বজনীন মতাদৰ্শ, অসমৰ জাতীয় সাহিত্য আৰু সংস্কৃতিৰ মূল ভেটি। গুৰুজনাৰ যি সাহিত্য- সংস্কৃতিৰ উপাদানেৰে অসমীয়া পুষ্ট, অসমীয়া আজি প্ৰাণৱন্ত, যি সাহিত্য – সংস্কৃতিৰ সৌধ নিৰ্মাণেৰে অসমীয়া আজি গৌৰৱান্বিত, সেই সংস্কৃতিৰ বোৱতী নৈখন ভৰা লুইতৰ দৰে প্ৰৱাহমান হৈ আহিছে। এনে মহাপুৰুষৰ সান্নিধ্য অসমীয়াৰ বাহিৰে পৃথিৱীৰ আন কাৰোবাৰ মিলিছে বুলি মনে নধৰে।

এইজনা গুৰুৱেই অসমলৈ বোৱাই আনিছিল নাট্য চৰ্চাৰ অমীয়া সুৰ। সংস্কৃত নাটকৰ পিছতেই উত্তৰ ভাৰতৰ আঞ্চলিক ভাষাৰ প্ৰথম নাটক আছিল শংকৰদেৱৰ অংকীয়া নাট বা ভাওনা বোৰেই। তেওঁ সমল গোটাই মুকুতাৰ মালা গাঠিছিল আমাৰ সমাজ খনত। প্ৰাক- শংকৰী ওজাপালি অনুষ্ঠানৰ অনুপ্ৰেৰণাৰে সংস্কৃত নাটকত কৈ বহু পৃথককৈ সমস্ত নাটকৰ আদিৰ পৰা অন্তলৈকে সৃষ্টি কৰিছিল ভাওনাত সূত্ৰধাৰৰ ৰূপ। গীত- নৃত্য কথাৰ লালিত্যৰে এক নতুন কলাৰে ভাওনাক প্ৰাণৱন্ত কৰি অসমীয়া জাতিটোক দি গৈছে উচ্চস্তৰীয় সংস্কৃতি। চিহ্নযাত্ৰাৰ পৰা আৰম্ভ কৰি ৰাম বিজয়লৈ – আহ কি অনবদ্য, প্ৰাণৱন্ত অৱদান।

অসমীয়াৰ পৰিচয়, অসমৰ স্বাভিমান, অসমৰ সম্ভ্ৰম – একোৰেই অভাৱ নোহোৱাকৈ এটা মৰ্যদা সম্পন্ন স্থানত অধিস্থিত কৰি গুৰুজনাই অসমক জগতক পৰিচয় কৰাই দিলে তাহানিতে। তেনে সম্ভ্ৰম জাতিটোৱে আজি কিহৰ বাবে হীনমান্যতাত ভুগিছে? আদৰ্শ নে পথৰ সন্ধানৰ অভাৱত? এটা কথা কি জানে? আনৰ সাহিত্য অনুবাদেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা বহুজনে যদি গুৰুজনাৰ সাহিত্য ৰাজি অন্য ভাষালৈ অনুবাদ কৰি বিদ্বান সমাজলৈ আগবঢ়ালে হেঁতেন, তেন্তে গুৰুজনা পৃথিৱীজুৰি ছেক্সপীয়েৰ, কাৰ্লাইনৰ দৰে সমাদৃত হ’ল হেঁতেন। কিন্তু নাই, আজিৰ তাৰিখত ধৰ্মৰ সূত্ৰ সলনি হৈছে, সত্যৰ ৰং সলনি হৈছে, প্ৰেমৰ সংজ্ঞা সলনি হৈছে, ভালবোৰক বেয়া আৰু বেয়া বোৰক ভাল বুলি কোৱাৰ মানসিকতা বাঢ়িছে। ৰঙীন আৰু জাকজমকীয়া চকু চাত মাৰি ধৰা বহু সম্ভাৰে বজাৰ ভৰি পৰিছে। তাৰ মাজৰ পৰা কি ভাল, কি বেয়া বিবেচনা শক্তি যেন ক্ৰমান্বয়ে লোপ পাইছে। তাৰ মাজতো আমি আমাৰ আপোন সংস্কৃতিৰ পথাৰখনত থিয় দি আগুৱাই নিব লাগিব উত্তৰ প্ৰজন্মক। গীতাৰ খনৰ লগতে প্ৰজন্মক শিকাব লাগিব খোল,বৰগীত,পয়াৰ……. তেহে জাতি জীয়াব, তেহে জাতি বাছিব… অন্যথা অসমীয়া গিৰি কেৱল ফেচবুকৰ ৱালতে ৰব।গুৰুজনাৰ পবিত্ৰ তিৰোভাৱ তিথিৰ দিনটোত নিজকেই এবাৰ প্ৰশ্ন কৰকচোন। গুৰুজনাই দি যোৱা আদৰ্শ- সংস্কৃতি- সাহিত্যৰ মেতমৰা ভঁৰাল এৰি আমি কি বিছাৰি ফুৰিছো?

Related Articles

Leave a Comment