ওদালগুৰিৰ এগৰাকী যুৱতীৰ বিশেষ সফলতা। বলীউডৰ জগতত উজ্বলি উঠিছে ওদালগুৰি জীয়ৰী মধুস্মিতা বায়ন।

পেছাত অধিবক্তা মধুস্মিতা বায়নলৈ বিশেষ সন্মান আগবঢ়াইছে বলীউডৰ এটি সংস্থাই।বলীউডৰ প্লেটফৰ্ম Bizzopp Expo fav fair fastive ত বিশেষ সন্মান অধিবক্তা মধুস্মিতা বায়নৰ। ২০২৫ বৰ্ষৰ শ্ৰেষ্ঠ বলীউড আইকন অৱ দ্য ইয়াৰ ৰ সন্মান অধিবক্তা গৰাকী লৈ।

অধিবক্তা মধুস্মিতা বায়নলৈ এই বঁটা প্ৰদান কৰে বলীউডৰ অভিনেত্ৰী ইছা দেউলে । নতুন দিল্লীৰ নেহৰু প্লেচত অনুষ্ঠিত হৈছিল এই বিশেষ বঁটা প্ৰদান অনুষ্ঠান। অধিবক্তা মধুস্মিতা বায়ন এ পোন প্ৰথমবাৰৰ বাবে বলীউড বিউটী ইভেন্টত কাম কৰিব।

উক্ত বঁটাত অধিবক্তা মধুস্মিতা বায়নলৈ এটা মোবাইল ফোনৰ লগতে এটি ভ্ৰমণ পেকেজ আগবঢ়োৱা হয়। এই ভ্ৰমণ পেকেজ হ’ব গুৱাহাটীৰ পৰা ৰাজস্থানলৈ।

অধিবক্তা মধুস্মিতা বায়নৰ এই সফলতাত উৎফুল্লিত এতিয়া ওদালগুৰিৰ বাসিন্দা।