গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় ষ্টেট বেংকৰ দ্বাৰা পৰিচালিত ওদালগুৰিস্থিত গ্ৰামীন স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানত মহিলা সকলৰ বাবে বিশেষ প্ৰশিক্ষণ কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে। ভাৰতীয় ষ্টেট বেংকৰ পৃষ্ঠপোষকতাত আজিৰ পৰা অনুষ্ঠিত ১০ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে ওদালগুৰি জিলা খনৰ ৩৫ গৰাকী মহিলাক মৌ পালনৰ বিভিন্ন দিশৰ ওপৰত প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা লোৱা হৈছে। অনুষ্ঠানত উপস্থিত থাকি ওদালগুৰিস্থিত গ্ৰামীন স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক আশ্বতোষ চাকমাই মৌ – পালনৰ প্ৰশিক্ষণৰ জড়িয়ৰে মহিলা সকল স্বাৱলম্ভী হ’ব পাৰিব বুলি উল্লেখ কৰি প্ৰশিক্ষণ গ্ৰহণ কৰা মহিলা সকলক বেংক সমূহৰ জড়িয়তে ঋণ প্ৰদানৰো সুবিধা প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰে। আজিৰ এই অনুষ্ঠানত গ্ৰামীন স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ৰাজ্যিক পৰিচালক পংকজ গোস্বামী, DICC-ৰ প্ৰযুক্তি বিষয়া হেমন্ত বৰা, সহকাৰী প্ৰবন্ধক বিকাশ সাহাৰ লগতে অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ বিষয়া সকলো উপস্থিত থাকে।
