Home » বিটিআৰ চুক্তিৰ আজি পঞ্চম বৰ্ষপূৰ্তি, শান্তিৰ বাইক ৰেলী শীৰ্ষক বিশেষ কাৰ্যসূচী

বিটিআৰ চুক্তিৰ আজি পঞ্চম বৰ্ষপূৰ্তি, শান্তিৰ বাইক ৰেলী শীৰ্ষক বিশেষ কাৰ্যসূচী

by admin

BTRকেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে বড়ো সশস্ৰ সংগঠন এন ডি এফ বিৰ আটাই কেইটা গোট, বড়ো জাতীয় সংগঠন এবছু আৰু ইউ বি পি অৰ মাজত স্বাক্ষৰিত বিটিআৰ চুক্তিৰ আজি পঞ্চম বৰ্ষপূৰ্তি।

এই পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে আজি বড়োলেণ্ড হেপিনেছ মিছনৰ উদ্যোগত ওদালগুৰি জিলাৰ ১০ টা স্থানত শান্তিৰ বাইক ৰেলী উলিওৱা হয় । সেই অনুসৰি ধনশ্ৰী পৰিষদীয় সমষ্টিত অনুষ্ঠিত বাইক ৰেলী শুভাৰম্ভ কৰে ইউ পি পি এলৰ ওদালগুৰি জিলা সমিতিত উপ-সভাপতি লিটন দৈমাৰীয়ে। অনুষ্ঠানত উপস্থিত থাকি ইউ পি পি এল নেতা ৰতেন্দ্ৰ দৈমাৰীয়ে বিটিআৰ চুক্তিৰ জড়িয়তে সমগ্ৰ বিটিআৰ অঞ্চলত শান্তি স্থাপন হৈছে বুলি উল্লেখ কৰি এই ঐতিহাসিক চুক্তিৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। আজিৰ এই অনুষ্ঠানত বিজেপি , ইউ পি পি এলৰ বহু কেইগৰাকী নেতা উপস্থিত থাকে।

Related Articles

Leave a Comment