ৰাষ্ট্ৰীয় স্বাস্থ্য মিচন, ওদালগুৰি জিলা স্বাস্থ্য বিভাগে ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্য্যক্ৰম তথা জিলা আগতীয়া হস্তক্ষেপ কেন্দ্রৰ সহযোগত টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১ বছৰৰ পৰা ১৮ বছৰ বয়সৰ শিশুসকলৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰা হয়।

শিশু সকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ আদি প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানৰ সংগতি ৰাখি কিশোৰ-কিশোৰী সকলৰ মাজত স্বাস্থ্য সম্পৰ্কীয় সজাগতামূলক সভা অনুষ্ঠিত কৰাৰ লগতে বিনামূলীয়াকৈ চেনেটৰী নেপকিন প্ৰদান কৰা হয়।

চিকিৎসক ড০ চন্দন চাহা, ড০ অলক বৰন চৰকাৰ, ড০ দিপাংকৰ হাজৰিকা, ড০ নিচাংক মিলন নাথে চিকিৎসা সেৱা প্ৰদান কৰে। জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আগতীয়া হস্তক্ষেপ কেন্দ্ৰৰ ব্যৱস্হাপক অলকেশ শৰ্মা আৰু স্বাস্থ্য পৰামৰ্শদাতা অনচাই দৈমাৰী উপস্থিত থাকি বহুমূলীয়া পৰামৰ্শ আগবঢ়াই।

ওদালগুৰি খন্ড প্ৰাথমিক কেন্দ্রৰ ব্যৱস্হাপক ৰাজ মোচাহাৰী আৰু সমন্বয়ক মাধুৰিমা দত্তই পৰিচালনা কৰা উক্ত চিকিৎসা শিবিৰত প্ৰায় শতাধিক শিশুক স্বাস্থ্য সেৱা আগবঢ়োৱা হয়।
