হৰিহৰ যুৱক সংঘৰ উদ্দ্যোগত পশ্চিম ভোগদল প্রাথমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয় গোর্খা সম্প্ৰদায়ৰ পৱিত্র তিহাৰ সমাৰোহ |

গোৰ্খা জনগোষ্ঠীৰ পৰম্পৰাগত কৃষিভিত্তিক, সাংস্কৃতিক তথা জাতীয় উৎসৱ তিহাৰ ৷ সমাৰোহত জিলাখনৰ প্রায় ৩২ টাকৈ দলে অংশগ্রহণ কৰে দেউচী ,মাৰুণী ,সংগিনী নৃত্যৰ লগতে ভইলী গীতৰ প্রতিযোগিতাত |
যান্ত্ৰিকতাৰ ধামখুমীয়াত হেৰাই যাব খোজা সংস্কৃতিক ধৰি ৰখাৰ বাবে হৰিহৰ যুৱক সংঘই লোৱা এনে পদক্ষেপক আদৰণি ৰাইজৰ | লোক-বিশ্বাস মতে, ভগৱান ৰামচন্দ্ৰ, সীতা আৰু লক্ষ্মণে চৈধ্য বছৰ বনবাস খাটি ৰাজ্যাভিমুখী হোৱাৰ আনন্দত অধীৰ হোৱা অযোধ্যাবাসীয়ে ৰজা ৰামচন্দ্ৰক আদৰণি জনাই চাকি-বন্তি প্ৰজ্বলন কৰি, গীত- মাতেৰ যি বৰ্ণাঢ্য আয়োজন কৰিছিল; সেই আয়োজনৰ পৰাই দীপান্বিতা তথা তিহাৰ উৎসৱ উদযাপনৰ পৰম্পৰা আৰম্ভ হয়
