বিশিষ্ট সাহিত্যিক শশী ফুকন দেৱৰ দেহাৱসান।অসমৰ আলোচনী সাহিত্যলৈ এক নতুন ধাৰাৰ সোঁত বোৱাই অনা ‘বিস্ময়’ ৰ স্ৰষ্টা তথা সম্পাদক শশী ফুকন দেৱৰ মৃত্যুৰ খবৰে মৰ্মাহত কৰিছে সকলোকে।সুদীৰ্ঘ পাঁচটা দশক ধৰি অসমৰ সাহিত্য জগতলৈ অবিস্মৰণীয় অৱদান আগবঢ়াই অহা আলোচনী ‘বিস্ময়’ৰ পৃষ্ঠাতে ৰহস্য সাহিত্য সমৃদ্ধ হৈছিল বুলি ক’লেও যেন নিশ্চয় বঢ়াই কোৱা নহ’ব।

কিন্তু হঠাৎ যেন নামি আহিল দু:খবৰ। শুকুৰবাৰে নিশা ১০:৩০ বজাৰ পৰা ক্ৰমাৎ জটিল হৈছিল স্বাস্থ্যৰ।সন্ধিয়াৰ পৰা দুটাকৈ ষ্ট্ৰ’কৰ সন্মুখীন হয় শশী ফুকন।চিকিৎসকে ধাৰাবাহিকভাৱে চেষ্টা চলাই আছিল যদিও অৱশেষত ৰক্ষা কৰিব নোৱাৰিলে শশী ফুকন দেৱৰ জীৱন।শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাতে তেখেতে বিদায় লয় কেতিয়াও ঘূৰি নহা বাটেৰে।৭৮ বছৰ বয়সত মৃত্যুক আকোঁৱালি লয় বিশিষ্ট সাহিত্যিকগৰাকীয়ে।উল্লেখযোগ্য যে, বিগত ডেৰমাহতকৈও অধিক সময় ধৰি চিকিৎসাধীন হৈ আছিল শশী ফুকন।যোৱা ৭ ছেপ্টেম্বৰত ঘৰতে পৰি আঘাতপ্ৰাপ্ত হোৱাত যথেষ্ট ৰক্তক্ষৰণ হোৱা বাবে ভৰ্ত্তি কৰোৱা হৈছিল মহানগৰীৰ হায়াট হাস্পতালত।

৭ ছেপ্টেম্বৰৰ পৰাই ICUত চিকিৎসাধীন হৈ আছিল বিশিষ্ট সাহিত্যিক গৰাকী। পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত লৈ যোৱা হয় আৰু বিগত ২৫ দিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন হৈ আছিল শশী ফুকন দেৱ।বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যুত সমগ্ৰ ৰাজ্যবাসীয়ে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃতকৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে ঈশ্বৰৰ ওচৰত জনাইছে প্ৰাৰ্থনা।
