Home » কাৰ ইমান সাহস? গুৰু আসনত অগ্নিসংযোগ !

কাৰ ইমান সাহস? গুৰু আসনত অগ্নিসংযোগ !

by admin

কলাইগাঁওৰ কবিৰালীত নিশা দুৰ্বৃত্তই জ্বলালে নামঘৰৰ গুৰু আসন !

ওদালগুৰি জিলাৰ কলাইগাওঁ থানাৰ অন্তৰ্গত সন্ধাত নিশা দুৰ্বৃত্তই জ্বলাই দিলে এটি নামঘৰৰ গুৰু আসন। কবিৰালীৰ নিকটৱৰ্তী সন্ধ্যাত ১৫ বছৰ পূৰ্বে গুৰুজনাৰ আদৰ্শৰে একশৰণ ভাগৱতী সমাজে স্থাপন কৰা হৈছিল এটি নামঘৰ।

সাধাৰণ ভাৱে সজা নামঘৰটোত এখন গুৰুআসন প্ৰতিষ্ঠা কৰি নিয়মীয়াকৈ ৰাইজে কৰি আহিছিল নাম-প্ৰসংগ। কিন্তু আজি ৰাতিপুৱাই নামঘৰটোৰ দেউৰী গৰাকীয়ে নাম ঘৰলৈ আহি তলা ভঙা আৰু গুৰু আসনৰ ওপৰৰ চন্দ্ৰ তাপখন বাহিৰত পৰি থকা প্ৰত্যক্ষ কৰাৰ লগতে ভিতৰত প্ৰবেশ কৰি প্ৰত্যক্ষ কৰে গুৰু আসন খন সম্পুৰ্ণ ৰূপে জ্বলি ভস্মিভূত থকা অৱস্থাত।

আনহাতে আচাৰ্যজনক ভাৱে এখন পাঞ্চাৰ ওপৰত থকা গামোছাৰে মেৰিয়াই থোৱা ভাগৱত খন ৰক্ষা পৰে অগ্নিৰ পৰা। অগ্নিত গামোছা খনৰ ওপৰ ভাগটো পুৰি চাই হৈ যায় যদিও আচৰ্য্যজনক ভাৱে কোনো ক্ষতি নহ’ল ভাগৱত খনৰ।

এয়া যেন ভাগৱতৰ মহিমা বুলি ৰাইজে মন্তব্য কৰাৰ লগতে এই কাণ্ড কোনো দুৰ্বৄত্তই সংঘটিত কৰা বুলি দাবী কৰে ভকত সকলে। লগতে দোষীক প্ৰভু ভগৱন্তই শাস্তি দিব বুলি আশা প্ৰকাশ কৰে। আনহাতে ঘটনা স্থলীত কলাইগাওঁ থানাৰ আৰক্ষী উপস্হিত হৈ আৰম্ভ কৰে তদন্ত।

Related Articles

Leave a Comment