দিল্লীৰ নতুন মুখ্যমন্ত্ৰী আতিশী মাৰলেনা
সুৰা কেলেংকাৰীত অভিযুক্ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে পদত্যাগৰ কথা ঘোষণা কৰাৰ পিছতে আজি অনুষ্ঠিত হৈছিল দিল্লীৰ বিধায়িনী দলৰ বৈঠক। অৰবিন্দ কেজৰিৱালৰ বাসগৃহত অনুষ্ঠিত হোৱা বিধায়িনী দলৰ এই বৈঠকত দিল্লীৰ নতুন মুখ্যমন্ত্ৰীৰ নাম আজি ঘোষণা কৰা হয়।
আপৰ প্ৰভাৱশালী নেত্ৰী আতিশী মাৰলেনাক নতুন মুখ্যমন্ত্ৰী ৰূপে নাম ঘোষণা কৰে দলটোৱে। সুৰা কেলেংকাৰীত অভিযুক্ত অৰবিন্দ কেজৰিৱালে কিছুদিন পূৰ্বে ঘোষণা কৰিছিল নিজৰ পদৰ পৰা পদত্যাগ কৰা কথা। সেই মৰ্মে আজি ৰাজ্যপালৰ ওচৰত বিয়লি পদত্যাগ পত্ৰ দাখিল কৰিব অৰবিন্দ কেজৰিৱালে।