Home » বি.টি.আৰৰ শিক্ষা বিভাগৰ মইমতালি, শিক্ষক বদলিকৰণত অনিয়মৰ অভিযোগ

বি.টি.আৰৰ শিক্ষা বিভাগৰ মইমতালি, শিক্ষক বদলিকৰণত অনিয়মৰ অভিযোগ

by admin

ওদালগুৰি জিলাৰ ৰৌতাৰ দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক বদলিকৰণ বিষয় সম্পৰ্কত ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ স্মাৰক পত্ৰ দাখিল। বৃহত্তৰ ৰৌতা অঞ্চলৰ আটাইতকৈ পুৰণি ঐতিহ্যমণ্ডিত এখন শিক্ষানুষ্ঠান হৈছে দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়।বিগত কেইবাটাও বছৰত এই বিদ্যালয়ত বিষয় অনুপাতে শিক্ষক-শিক্ষয়িত্ৰী নথকাৰ ফলত শিক্ষাৰ্থী সকল যথেষ্ঠ সমস্যাৰ সন্মুখীন হৈ আহিছে। কিন্তু যোৱা দুটা বছৰত চৰকাৰ তথা শিক্ষা বিভাগৰ তৰফৰ পৰা শিক্ষক নিযুক্তি কৰিছে যদিও বৰ্তমানে খালী হৈ থকা পদত এতিয়াও শিক্ষক নিযুক্তি দিয়া হোৱা নাই। শেহতীয়াকৈ বিদ্যালয়ৰ কিছু শিক্ষকে একক বদলিকৰণ প্ৰক্ৰিয়াৰে বদলি হোৱাৰ আদেশ পাইছে যদিও সেই বদলিকৰণ প্ৰক্ৰিয়াত আসোঁৱাহ থকা বুলি অভিযোগ উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ ৰৌতা আঞ্চলিকে।

বদলিকৰণৰ বিষয়টোত ছাত্ৰ সন্থাৰ মন্তব্য ,যদি কোনো শিক্ষকে বুজা-বুজিৰে বদলিকৰণ প্ৰক্ৰিয়াৰে বদলি হ’ব বিচাৰিছে তাত আপত্তি কৰিবলগীয়া নাই।যদি একক ভাৱে বদলি হ’ব বিচাৰিছে তেন্তে তাত ছাত্ৰ সন্থাৰ আপত্তি থকা বুলি সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক শ্ৰীদীপজ্যোতি নাথে অৱগত কৰোৱাৰ লগতে আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অভিলাষ দাস আৰু ভাঃ‌ সম্পাদক জ্যোতিৰ্ময় ডেকাই মতপোষণ কৰে যে বিদ্যালয়ৰ কতৃপক্ষৰ ফালৰ পৰা কোনো ধৰণৰ NOC নোলোৱাকৈ বি.টি.আৰ. শিক্ষা বিভাগে মইমতালিৰে এনে ধৰণৰ বদলিকৰণ প্ৰক্ৰিয়াৰে আদেশ জাৰি কৰাৰ বাবে আশ্চৰ্য প্ৰকাশ কৰে। এই আদেশ যদি অতি শীঘ্ৰেই বাতিল নকৰিলে ছাত্ৰ সন্থাই শিক্ষাৰ্থী সকলক লৈ শ্ৰেণী বৰ্জন কাৰ্যসূচী গ্ৰহণ কৰিব বুলি অৱগত কৰায়। এই সজাতি দলটোত আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদকদ্বয় দেৱজিৎ নাথ আৰু জিণ্টু দাস, সাংস্কৃতিক সম্পাদক সুমন সিংহ,বিত্ত সম্পাদক অবিনাশ ৰাভা, সাংগঠনিক সম্পাদক লক্ষ্যহীৰা ডেকা উপস্থিত থাকে।

Related Articles

Leave a Comment