Home » স্বাধীনতা দিৱসৰ দিনাই নতুন ৰূপ পাব ওদালগুৰি লাইভে

স্বাধীনতা দিৱসৰ দিনাই নতুন ৰূপ পাব ওদালগুৰি লাইভে

by admin

এদল যুৱ সাংবাদিকৰ প্ৰচেষ্টাত ওদালগুৰি জিলা খনৰ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক , ক্ৰীড়া , সাহিত্য আদিৰ লগতে জিলা সকলো ধৰণৰ বা-বাতৰি ৰাইজৰ মাজত প্ৰচাৰ কৰি ওদালগুৰিৰ জিলা খনৰ সৰ্বাধিক জনপ্ৰিয় সংবাদ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰিব সক্ষম হৈছে ওদালগুৰি লাইভে। সীমিত সুবিধাৰ মাজেৰেও একমাত্ৰ ওদালগুৰিবাসীৰ মৰম আৰু আশীৰ্বাদক সম্পদ হিচাপে লৈ ওদালগুৰি লাইভে যোৱা প্ৰায় ৭ টা বছৰে ওদালগুৰিৰ প্ৰতিটো ইতিবাচক খবৰ স-গৌৰৱেৰে সমগ্ৰ অসমলৈ বিয়পাই নিয়াৰ লগতে ওদালগুৰিবাসীৰ অভাৱ অভিযোগ সমূহ ৰজাঘৰৰ দৃষ্টিগোচৰ কৰি কন্ঠ হৈ পৰিছে ওদালগুৰিৰ ৰাইজৰ। ৰাইজৰ এই মৰম আৰু বিশ্বাসৰ ফলত ওদালগুৰি লাইভৰো পূৰ্বতকৈও অধিক বৃদ্ধি পাইছে সামাজিক দায়বদ্ধতা।
সেয়েহে ৰাইজৰ বিপুল দাবীত এতিয়াৰে পৰা ওদালগুৰি লাইভ সাজু হৈ উঠিছে অতি দ্ৰুত আৰু আধুনিক ৰূপত লবলৈ । ওদালগুৰি লাইভৰ এই নতুন যাত্ৰাৰ প্ৰথমটো খোজ হিচাপে অহা ১৫ আগষ্ট ২০২৪ তাৰিখে ওদালগুৰি লাইভৰ Website আনুষ্ঠানিক উন্মোচন
কৰা হ’ব। ওদালগুৰি লাইভৰ এই যাত্ৰাক সফল কৰি তুলিবলৈ সমূহ ওদালগুৰিবাসী ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে ওদালগুৰি লাইভৰ পৰিয়ালে।

Related Articles

Leave a Comment